বৃদ্ধি কৰা হৈছে কাশ্মীৰ ফাইলছৰ পৰিচালকৰ নিৰাপত্তা, CRPF-এ নিৰাপত্তা দিব অগ্নিহোত্ৰীক

বৃদ্ধি কৰা হৈছে কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ। এতিয়াৰে পৰা Y কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰা হব জনপ্ৰিয় পৰিচালকগৰাকীক। CRPF-এ সমগ্ৰ দেশতে নিৰাপত্তা প্ৰদান কৰিব বিবেক অগ্নিহোত্ৰীক। উল্লেখ্য যে, মুক্তিৰ পূৰ্বে বিশেষ চৰ্চা লাভ নকৰা চিনেমাখনে ঈৰ্ষণীয় সাফল্য লাভ কৰিছে। বৰ্তমানলৈ চলচ্চিত্ৰখনে ১০০ কোটি ক্লাবত প্ৰৱেশ কৰিছে।

প্ৰায় ১০৭ কোটি টকাৰো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে চিনেমাখনে। কাশ্মীৰী পণ্ডিতসকলৰ জীৱনৰ পটভূমিত নিৰ্মিত চিনেমাখন মুক্তিৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে। বিজেপিৰ সমৰ্থকে চলচ্চিত্ৰখনক উচ্চ প্ৰশংসা কৰাৰ বিপৰীতে একাংশই ঘোৰ বিৰোধিতা কৰিছে চিনেমাখনৰ। কেৱল তৃণমূল বা চলচ্চিত্ৰপ্ৰেমীয়েই নহয়, সংসদতো এই বিষয়ক লৈ সৰৱ আলোচনা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা 'BIG BOSS 17'ৰ প্ৰতিযোগী অনুৰাগ...

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...