ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলক ৰাজস্থান ৰয়েলছৰ সম্বৰ্ধনা

ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলক আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এক অনুষ্ঠানত সম্বৰ্ধনা জনায়৷ উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলে শৃংখলা জয় কৰিবলৈ সক্ষম হৈছিল৷ দেওবাৰে ভাৰতীয় দিব্যাংগ ক্ৰিকেট পৰিষদ আৰু ৰাজস্থান ৰয়েলছে ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলক সম্বৰ্ধনা জনায়৷ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ , ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰাম , ডিচিচিআইৰ সম্পাদক ৰবিকান্ত চৌহান আৰু ডিচিচিআইৰ যুটীয়া সম্পাদক অভাই প্ৰতাপ সিং উপস্থিত থাকে৷ এই অনুষ্ঠানত ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলৰ সদস্যসকলক স্মৃতিগ্ৰন্থ আৰু এঘাৰ লাখ নগদ পুৰস্কাৰ প্ৰদান কৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে৷ অনুষ্ঠানত ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলৰ সদস্য অধিনায়ক বিক্ৰান্ত ৰবীন্দ্ৰ কেনি, সহঃঅধিনায়ক ৱাছিম ইকবাল, ৰবীন্দ্ৰ গোপীনাথ সান্তে, জাফৰ আমিন ভাট, আমিৰ হাছান, মজিদ আহ মাগ্ৰে, লোকেশ মাৰ্ঘাড়ে, পৱন কুমাৰ, দুৱভুৰু অখিল ৰেড্ডী, যোগেণ্ডাৰ সিং আদি উপস্থিত আছিল৷

ইফালে, ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলৰ সদস্যসকলক সোমবাৰে সন্ধিয়া জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ঘৰুৱা মেচখনত অংশগ্ৰহণ কৰিবলৈও ৰয়েলছৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে৷ অনুষ্ঠানত অংশ লৈ ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কয় ‘এই প্ৰতিভাৱান খেলুৱৈসকলৰ জীৱনত প্ৰভাৱ পেলাবলৈ ডিচিচিআইৰ সৈতে কাম কৰাটো আমাৰ বাবে এক সৌভাগ্যৰ কথা৷ তেওঁলোকৰ কৰ্মনীতি আৰু দায়বদ্ধতা প্ৰেৰণাদায়ক আৰু সেয়া দেখি আমি আনন্দিত হৈছো৷ তেওঁলোক কঠোৰ পৰিশ্ৰমৰে লাভৱান হৈছে৷’ উল্লেখযোগ্য যে, ৰয়েলছ দলে বিভিন্ন পদক্ষেপৰ জৰিয়তে ভাৰতীয় দিব্যাংগ ক্ৰিকেট পৰিষদক সমৰ্থন আগবঢ়াই আহিছে৷ চলিত বৰ্ষৰ আৰম্ভণিতে নাগপুৰৰ ৰয়েলছৰ হাই পাৰফৰমেন্স চেণ্টাৰত ভাৰতীয় দিব্যাংগ পুৰুষ ক্ৰিকেট দলটোক এক বিস্তৃত প্ৰশিক্ষণ শিবিৰৰ বাবে আয়োজন কৰিছিল৷ ইয়াৰ পিছতে দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে টি-২০ দ্বিপাক্ষিক শৃংখলাত ৩-ৰ ৰ ব্যৱধানত শৃংখলাত জয়লাভ কৰিছিল৷ চলিত আই পি এলত এতিয়ালৈকে সৰ্বাধিক মেচত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰাজস্থান ৰয়েলছে কাইলৈ সৱাই মানসিং ষ্টেডিয়ামত ছিজনৰ অষ্টমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...