ধৰ্মপ্ৰাণা মহিলা ডালিমী শইকীয়াৰ দেহাৱসান

গহপুৰ সমজিলাৰ গহপুৰ পৌৰসভাৰ অন্তৰ্গত টঙনা গাঁও নিবাসী, ধৰ্মপ্ৰাণা মহিলা ডালিমী শইকীয়া(৬৮) আৰু নাই।মধুমেহ আৰু স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি চিকিৎসাধীন অৱস্থাত থকা ডালিমী শইকীয়াই সকলোকে শোকৰ সাগৰত পেলাই আজি সন্ধিয়া প্ৰায় ৫ বজাত তেজপুৰৰ বি.জে হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেওঁ স্বামী কমল শইকীয়াৰ লগতে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক, লাইভ চেভেন চিষ্টাৰৰ্ছৰ মুখ্য সম্পাদক ভুৱন শইকীয়া সহ দুগৰাকী পুত্ৰ, দুগৰাকী বোৱাৰী, এগৰাকী বিবাহিত জীয়ৰী, এগৰাকী জোঁৱাই আৰু দুটি নাতি-নাতিনীৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।ধৰ্মপ্ৰাণা মহিলা ডালিমী শইকীয়াৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থা, বিশ্বনাথ জিলা সাংবাদিক সন্থা, গহপুৰ মহকুমা সাংবাদিক সন্থা, গহপুৰ মহকুমা প্ৰেছ গ্ৰীল্ড,বিশ্বনাথ জিলা সাহিত্য সভা,চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভা,গহপুৰ মহকুমা ছাত্র সন্থা, বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ,গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্র সন্থা,বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্র সন্থা, গহপুৰ পৌৰসভা,ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়, গহপুৰ কবি কানন,ছয়দুৱাৰ মহাবিদ্যালয়, গহপুৰ শাখা নাট্য সন্মিলন, গহপুৰ শাখা সাহিত্য সভা,গহপুৰ শাখা লেখিকা সমাৰোহ সমিতি, স্বেচ্ছাসেৱী সংগঠন “চাওছেং”,গহপুৰ ব্যৱসায়ী সন্থা, গহপুৰ কেন্দ্ৰীয় বিহু সন্মিলন,জ্ঞানদ্বীপ পুথিভঁৰাল, গহপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চ,বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুল,পাঞ্চজন্য যুৱক সংঘকে ধৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...