পাকিস্তানৰ কৰাচীত চিকিৎসালয় চৌহদত বিস্ফোৰণ, কেইবাজনো লোকৰ মৃত্যু

পাকিস্তানৰ বাণিজ্যিক ৰাজধানী কৰাচীত আকৌ এবাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, বৃহস্পতিবাৰৰ সন্ধিয়া ‘তাজ মেডিকেল কমপ্লেক্স’ নামৰ এখন হাস্পতালৰ চৌহদত এই বিস্ফোৰণৰ ফলত বহু লোক হতাহত হৈছে। পাকিস্তানৰ সংবাদমাধ্যম ‘দ্য ডন’ৰ প্ৰতিবেদন অনুসৰি, এই বিস্ফোৰণত কমেও ৩৪ জন গুৰুতৰভাৱে আহত হৈছে।

সিন্ধু প্ৰদেশৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বিভাগে এতিয়ালৈকে বিস্ফোৰণৰ কাৰণ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই। তথাপি, প্ৰাথমিকভাৱে প্ৰশাসন আৰু সংবাদমাধ্যমে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি ভবা নাই। প্ৰকাশিত খবৰৰ মতে, হাস্পতালৰ চৌহদৰ পিছফালে থকা এটা গুদামত এই বিস্ফোৰণ সংঘটিত হৈছে। ওচৰতে আছে এটা আতচবাজিৰ কাৰখানা। প্ৰত্যক্ষদৰ্শীৰ এটা অংশৰ দাবী, গুদামত মজুত কৰি ৰখা আতচবাজিয়ে এই বিস্ফোৰণৰ সৃষ্টি কৰিছে।

কৰাচী আৰক্ষীৰ মতে, জিন্না ৰোডৰ কাষৰ এই গুদামত সংঘটিত বিস্ফোৰণৰ ফলত বহু পথচাৰী গুৰুতৰভাৱে আহত হৈছে, আৰু তেওঁলোকৰ কেইজনমানৰ অৱস্থা সংকটজনক। আহত ২০জনক জিন্না পোষ্টগ্ৰেজুৱেট মেডিকেল চেণ্টাৰত আৰু ১৪জনক কৰাচীৰ চিভিল হাস্পতালৰ ট্ৰমা চেণ্টাৰত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে, শেহতীয়াভাৱে সিন্ধু প্ৰদেশৰ ৰাজধানী চহৰ কৰাচী কেইবাবাৰো সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত কঁপি উঠিছে। বিগত বছৰৰ অক্টোবৰ আৰু এই বছৰৰ মে’ মাহত দুটা বিস্ফোৰণৰ ঘটনাত কৰাচীত বহু লোক হতাহত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...