পাকিস্তানৰ কৰাচীত চিকিৎসালয় চৌহদত বিস্ফোৰণ, কেইবাজনো লোকৰ মৃত্যু

পাকিস্তানৰ বাণিজ্যিক ৰাজধানী কৰাচীত আকৌ এবাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, বৃহস্পতিবাৰৰ সন্ধিয়া ‘তাজ মেডিকেল কমপ্লেক্স’ নামৰ এখন হাস্পতালৰ চৌহদত এই বিস্ফোৰণৰ ফলত বহু লোক হতাহত হৈছে। পাকিস্তানৰ সংবাদমাধ্যম ‘দ্য ডন’ৰ প্ৰতিবেদন অনুসৰি, এই বিস্ফোৰণত কমেও ৩৪ জন গুৰুতৰভাৱে আহত হৈছে।

সিন্ধু প্ৰদেশৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বিভাগে এতিয়ালৈকে বিস্ফোৰণৰ কাৰণ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই। তথাপি, প্ৰাথমিকভাৱে প্ৰশাসন আৰু সংবাদমাধ্যমে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি ভবা নাই। প্ৰকাশিত খবৰৰ মতে, হাস্পতালৰ চৌহদৰ পিছফালে থকা এটা গুদামত এই বিস্ফোৰণ সংঘটিত হৈছে। ওচৰতে আছে এটা আতচবাজিৰ কাৰখানা। প্ৰত্যক্ষদৰ্শীৰ এটা অংশৰ দাবী, গুদামত মজুত কৰি ৰখা আতচবাজিয়ে এই বিস্ফোৰণৰ সৃষ্টি কৰিছে।

কৰাচী আৰক্ষীৰ মতে, জিন্না ৰোডৰ কাষৰ এই গুদামত সংঘটিত বিস্ফোৰণৰ ফলত বহু পথচাৰী গুৰুতৰভাৱে আহত হৈছে, আৰু তেওঁলোকৰ কেইজনমানৰ অৱস্থা সংকটজনক। আহত ২০জনক জিন্না পোষ্টগ্ৰেজুৱেট মেডিকেল চেণ্টাৰত আৰু ১৪জনক কৰাচীৰ চিভিল হাস্পতালৰ ট্ৰমা চেণ্টাৰত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে, শেহতীয়াভাৱে সিন্ধু প্ৰদেশৰ ৰাজধানী চহৰ কৰাচী কেইবাবাৰো সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত কঁপি উঠিছে। বিগত বছৰৰ অক্টোবৰ আৰু এই বছৰৰ মে’ মাহত দুটা বিস্ফোৰণৰ ঘটনাত কৰাচীত বহু লোক হতাহত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...