‘আমেৰিকাৰ যুক্তিত আমি স্তম্ভিত হৈছো’ ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক সন্দৰ্ভত মস্কোত তিনিটা কাৰণ উল্লেখ কৰে জয়শংকৰে…

ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এই শুল্কৰ পিছৰ যুক্তিত নতুন দিল্লী হতবাক হৈছে। বৃহস্পতিবাৰে মস্কোত থকা ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে এই কথা প্ৰকাশ কৰিছে। তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে এখন বৈঠকত মিলিত হৈছিল। বৈঠকৰ পিছত সাংবাদিকৰ সন্মুখীন হৈ তেওঁক আমেৰিকাৰ শুল্ক-সংক্ৰান্তীয় হুমকিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। জয়শংকৰে কৈছে যে, আমেৰিকাৰ যুক্তিত তেওঁ বিস্ময় প্ৰকাশ কৰিছে, আৰু তাৰ তিনিটা কাৰণো উল্লেখ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমে ভাৰতীয় পণ্যৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল, যিটো ইতিমধ্যে কাৰ্যকৰী হৈছে। পিছত তেওঁ ঘোষণা কৰে যে, ৰাছিয়াৰ পৰা খনিজ তেল কিনাৰ বাবে ভাৰতে ‘দণ্ড’ হিচাপে আৰু ২৫ শতাংশ শুল্ক দিব লাগিব। ফলত ভাৰতীয় পণ্য আমেৰিকালৈ ৰপ্তানি কৰিবলৈ মুঠ ৫০ শতাংশ শুল্ক দিব লাগিব। এই নতুন হাৰ ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে। কিন্তু ৰাছিয়াৰ পৰা তেল আমদানি কেৱল ভাৰতেই নকৰে; চীনকে ধৰি একাধিক দেশ এই তালিকাত আছে। কিন্তু ট্ৰাম্পে এই কাৰণত অন্য কোনো দেশক ‘দণ্ড’ দিয়া নাই। তেনেহ’লে কিয় কেৱল ভাৰতকহে লক্ষ্য কৰা হ’ল? এই প্ৰশ্ন উত্থাপিত হৈছে।

এই প্ৰসংগত কওঁতে জয়শংকৰে আমেৰিকাৰ শুল্কৰ কথা প্ৰত্যক্ষভাৱে উল্লেখ কৰা নাছিল। তিনিটা কাৰণ দেখুৱাই তেওঁ কৈছে, “আমি ৰাছিয়াৰ তেলৰ সৰ্ববৃহৎ ক্ৰেতা নহওঁ, সৰ্ববৃহৎ ক্ৰেতা হৈছে চীন। আমি ৰাছিয়াৰ পৰা সৰ্বাধিক এল এন জি (তৰল প্ৰাকৃতিক গেছ) আমদানি নকৰোঁ। সেইটো কৰে ইউৰোপীয় ইউনিয়নে। ২০২২ চনৰ পৰা ৰাছিয়াৰ সৈতে সৰ্বাধিক বাণিজ্যিক অগ্ৰগতি আমাৰ হোৱা নাই, হৈছে দক্ষিণৰ কিছুমান দেশৰ।” জয়শংকৰে আৰু কৈছে, “বিগত কেইবছৰ ধৰি আমেৰিকানসকলে কৈ আহিছে যে বিশ্বৰ ইন্ধন বজাৰ স্থিৰ কৰিবলৈ আমি যি কৰিব লাগে কৰিব লাগিব। আমি আমেৰিকাৰ পৰাও তেল কিনো আৰু সেই পৰিমাণ আগৰ তুলনাত বৃদ্ধি পাইছে। সেয়েহে সঁচাকৈ ক’বলৈ গ’লে, এই বিষয়ে যি যুক্তি দিয়া হৈছে, তাত আমি হতবাক।”

ভাৰতৰ ওপৰত কিয় ৫০ শতাংশ বৃদ্ধি কৰা শুল্ক আৰোপ কৰা হ’ল, আৰু চীনৰ ওপৰত কিয় এতিয়ালৈ কোনো শুল্ক আৰোপ কৰা নহ’ল? এই প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই এক অদ্ভুত যুক্তি দিছে। তেওঁ কৈছে যে, চীনৰ ওপৰত বৰ্দ্ধিত শুল্ক আৰোপ কৰিলে সমগ্ৰ বিশ্বৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে, বিশেষকৈ ইউৰোপে ভুগিব পাৰে। কাৰণ, ৰাছিয়াৰ পৰা যি তেল চীনলৈ যায়, তাক পৰিশোধন কৰি বেছিভাগ ইউৰোপৰ বজাৰত বিক্ৰী কৰে বেইজিঙে। যিহেতু চীনৰ জৰিয়তে ইউৰোপৰ বজাৰত ৰাছিয়াৰ তেল আহে, সেয়েহে চীনৰ ওপৰত বৰ্দ্ধিত শুল্ক আৰোপ কৰিলে ইউৰোপৰ দেশবোৰত তেলৰ দাম বৃদ্ধি পাব। সেয়েহে এতিয়া চীনৰ ওপৰত কোনো শুল্ক আৰোপ কৰা হোৱা নাই। জয়শংকৰে এই যুক্তিৰ কথা প্ৰত্যক্ষভাৱে উল্লেখ কৰা নাই, কিন্তু তেওঁ আমেৰিকাৰ এই যুক্তিৰ কথাই কৈছে বুলি ধাৰণা কৰা হৈছে। এই যুক্তিতে নতুন দিল্লী ‘হতবাক’ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...