আমেৰিকাৰ পৰা ছয়াবিন কিনা বন্ধ কৰিছে চীনে; বিপদৰ কথা উপলব্ধি কৰি আমেৰিকাৰ কৃষকসকলে ট্ৰাম্পলৈ লিখিছে চিঠি

আমেৰিকাৰ পৰা চীনে সম্পূৰ্ণৰূপে ছয়াবিন কিনা বন্ধ কৰিছে নেকি? এনে কোনো স্থায়ী সিদ্ধান্তৰ ঘোষণা এতিয়ালৈকে কৰা হোৱা নাই। কিন্তু বেইজিঙৰ কেইবাটাও পদক্ষেপত এনে ইংগিত পোৱা গৈছে। চীনে আমেৰিকাৰ পৰা ছয়াবিনৰ অৰ্ডাৰ যথেষ্ট হ্ৰাস কৰিছে। তাৰ পৰিৱৰ্তে অন্য এখন দেশৰ পৰা ছয়াবিন আমদানি বৃদ্ধি পাইছে। আচৰিত কথা যে, সেই দেশৰ সৈতে চীনৰ লগতে ভাৰতৰো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। কেইবাখনো প্ৰতিবেদনত দাবী কৰা হৈছে যে, চীনে ছয়াবিন আমদানিৰ বাবে বিকল্প হিচাপে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলক বাছি লৈছে।

আমেৰিকাৰ বিৰুদ্ধে গঠিত আন্তৰ্জাতিক সংঘ ব্ৰিক্সৰ সদস্য হৈছে ভাৰত, চীন আৰু ব্ৰাজিল। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই দেশসমূহৰ পণ্যৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ ভাবুকি দিছিল। চীনৰ ওপৰত এতিয়ালৈকে আমেৰিকাই তেনে কোনো শুল্ক আৰোপ কৰা নাই। কিন্তু ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্কৰ ভাবুকি দিয়া হৈছে। ব্ৰাজিলৰ ওপৰতো ৫০ শতাংশ হাৰত শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। এই পৰিস্থিতিত কিছুমানৰ মতে ব্ৰিক্সৰ সদস্য দেশসমূহ আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে। ভাৰতীয় পণ্যৰ বাবে ৰাছিয়া আৰু চীনে ইতিমধ্যে বজাৰ মুকলি কৰি দিছে। এইবাৰ বেইজিঙে ছয়াবিন আমদানিৰ বাবে ব্ৰাজিলৰ ফালে যাবলৈ আৰম্ভ কৰিছে।

চীন বিশ্বৰ সৰ্ববৃহৎ ছয়াবিন আমদানিকাৰী দেশ। প্ৰতি বছৰে আমেৰিকাৰ পৰা প্ৰচুৰ পৰিমাণৰ ছয়াবিন আমদানি কৰে। কিন্তু শেহতীয়াকৈ আমদানি হ্ৰাস পাইছে। আনকি, আগন্তুক ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ বাবে এক টনো ছয়াবিনৰ অৰ্ডাৰ দিয়া হোৱা নাই বুলি দাবী কৰা হৈছে। তাৰ পৰিবৰ্তে ছয়াবিনৰ অৰ্ডাৰ ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়ালৈ যোৱাৰ কথা। এই পৰিস্থিতিত আমেৰিকাৰ কৃষকসকলে সংকটৰ সন্মুখীন হৈছে। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ ছয়াবিন উৎপাদক কৃষকসকলে সমস্যাৰ কথা উল্লেখ কৰি ট্ৰাম্পলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তাত কোৱা হৈছে, “আমাৰ সবাতোকৈ ডাঙৰ গ্ৰাহকৰ সৈতে এনেদৰে বাণিজ্যিক বিবাদ চলি থাকিলে আমি টিকিব নোৱাৰিম।”

চীনৰ শুল্ক বিভাগৰ তথ্য অনুসৰি, এই বছৰৰ জুলাইলৈকে আমেৰিকাৰ পৰা ৪.২ লাখ টন ছয়াবিন আমদানি কৰা হৈছে, যি বিগত বছৰৰ তুলনাত ১১.৪৭ শতাংশ কম। কেৱল যোৱা মাহত ব্ৰাজিলৰ পৰা চীনৰ ছয়াবিন আমদানি প্ৰায় ১৯ শতাংশ বৃদ্ধি পাইছে। চীনৰ ছয়াবিনৰ ৯০ শতাংশ এতিয়া ব্ৰাজিলৰ পৰা আহি আছে। ৰয়টাৰ্চৰ প্ৰতিবেদন অনুসৰি, যদি চীনে ছয়াবিনৰ মূল যোগানকাৰী হিচাপে ব্ৰাজিলক বাছি লয়, তেন্তে আমেৰিকাৰ কৃষকসকলে বিপুল ক্ষতিৰ সন্মুখীন হ’ব। কিছুদিন পূৰ্বে ট্ৰাম্পে নিজেও এই বিষয়ে মুখ খুলিছিল। তেওঁ চীনক আমেৰিকাৰ পৰা অধিক ছয়াবিন আমদানি কৰিবলৈ কৈছিল। তেওঁ জনাইছিল যে, ছয়াবিন দুয়োখন দেশৰ মাজৰ বাণিজ্যিক ঘাটি পূৰণৰ এটা গুৰুত্বপূৰ্ণ মাধ্যম হ’ব পাৰে। কিন্তু তাৰ পিছতো ব্ৰাজিলৰ পৰা ছয়াবিনৰ অৰ্ডাৰ বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...