কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷

বৃষঃ কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷

মিথুনঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷

কর্কটঃ মন ফৰকাল নাথাকিব৷ কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কথাত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱর্তন নাপাব৷ বাধা দুই–এটা আছে৷

সিংহঃ কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব৷ ইয়াক কর্মৰ মাজতে ব্যৱহাৰ কৰক৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যতো কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷

কন্যাঃ কর্মতৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত৷ দাম্পত্যত মধ্যম৷ সন্তানৰ চিন্তা–আঁত বিচাৰি নাপাব৷ বিদ্যাত উন্নতি৷

তুলাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ কিবা নতুন এটা কৰি দেখুৱাৰো হাবিয়াহ আছে৷

বৃশ্চিকঃ কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ মনোবল বঢ়াওক৷ গৃহৰ স্বার্থত কিছুমানত এৰা–ধৰা কৰিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব৷

ধনুঃ আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব৷ আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব৷ পিছবেলা বিবিধ উন্নতি৷

মকৰঃ উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে৷ কর্মতো মন চঞ্চল হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব পাৰে৷ আর্থিকতো চিন্তা৷ কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰিব৷ প্রেমত শুভ৷

কুম্ভঃ পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷

মীনঃ কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবা মতে সকলো দিশেই দুৱাৰ খোলা নাপাব৷ শৰীৰ সম্পর্কেও সচেতন থাকক৷ ভ্রণাদিত একেবাৰে অন্য মনস্ক হ’ব৷ দুষ্ট চিন্তা নকৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত 'বিকাশৰ ১২ দিন' কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণকেইবাটাও প্ৰকল্পৰ নিৰ্মাণ...

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...