কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে। কর্মৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব৷ আয়-ব্যয় মধ্যমীয়া।

বৃষঃ দিনটো মধ্যমীয়া। খং-ৰাগ নিয়ন্ত্ৰণ কৰক। শান্ত হৈ কৰ্ম কৰক। বহুতো ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি উঠিব পাৰে। নতুনকৈ পৰিকল্পনা নকৰিব।

মিথুনঃ দিনটো মধ্যমীয়া। কৰ্মত সফলতা লাভ। অৱশ্যে কৰ্মত মনোযোগ দিয়া উচিত।

কৰ্কটঃ দিনটো প্ৰায় শুভ। স্বাস্থ্যৰ যতন লওক। ভোজনত মনোযোগ দিয়া উচিত।

সিংহঃ পুৰণি প্ৰেমক হঠাৎ লগ পাব পাৰে। কলা আৰু নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে। পাৰিবাৰিক জীৱন সুখৰ।

কন্যাঃ দিনটো শুভ৷ কৰ্মত সফল। অৱশ্যে নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। শান্ত হৈ কর্ম কৰক। খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফলতা লাভ কৰিব।

তুলা: তুলা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, সম্পদ বাঢ়িব, যদিও দেহ-মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হ’ব, আত্মীয়ৰ আগমন হ’ব, লগতে কৰ্মত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

ধনুঃ দিনটো শুভ। মনৰ আশাৰ পূৰণ হ’ব। পুৰণি কৰ্ম সফলতাৰে সম্পন্ন হʼব।

মকৰঃ দিনটো মধ্যমীয়া৷ ভাগ্য আপোনাৰ পক্ষত নাই। ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। অৱশ্যে কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব।

কুম্ভঃ দিনটো শুভ৷ বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে। প্ৰেমত শুভ। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব৷ লক্ষ্যত সফল।

মীনঃ দিনটো কিছু কঠিন হ’ব। ব্যয় বৃদ্ধি। সতৰ্ক হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...