ৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণ

সামুদ্ৰিক ঘূৰ্ণী ৰিমালৰ সংহাৰ বাংলাদেশৰ লগতে পশ্চিমবংগত
ৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণ
বছৰটোৰ প্ৰথমটো ধুমুহাত এতিয়ালৈকে ৩৩ গৰাকীৰ মৃত্যু
ধুমুহাত বাংলাদেশত ১০ জনৰ মৃত্যু, মিজোৰামত ভূ-স্খলনত নিহত ১৫
পশ্চিমবংগত ৬ জনৰ, অসমত গছ বাগৰি ২ জনৰ মৃত্যু

দেওবাৰে বাংলাদেশ আৰু ভাৰতৰ সীমান্তবৰ্তী সাগৰদ্বীপৰ কাষত এছাৰ খাই পৰা ঘূৰ্ণী ৰিমালৰ প্ৰভাৱত বাংলাদেশ–পশ্চিমবংগৰ লগতে উত্তৰ–পূবৰ ভিন্নপ্ৰান্তত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ধুমুহাই বাংলাদেশত কেইবাসহস্ৰাধিক লোকৰ ঘৰ–দুৱাৰ বিধ্বস্ত কৰিছে। ধুমুহাৰ ফলত বহু স্থানত গছ বগৰাৰ পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। বাংলাদেশৰ প্ৰায় ৩ নিযুত লোক বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। বাংলাদেশ, পশ্চিমবংগত হাজাৰ হাজাৰ বিদ্যুতৰ খুঁটা বাগৰি পৰাৰ ফলত বিদ্যুৎযোগান ব্যাহত হৈছে।

ভাৰত-বাংলাদেশৰ ১০লাখ লোকক ইতিমধ্যে স্থানান্তৰ কৰা হৈছিল সাহাৰ্য শিবিৰলৈ
ধুমুহা-বৰষুণৰ পানীয়ে বুৰালে কলকাতা মহানগৰীৰ বহু পথ
মঙলবাৰে কলকাতা বিমান বন্দৰৰ পৰা পুনৰ আৰম্ভ বিমানৰ উৰণ
পশ্চিমবংগৰ প্ৰায় ৩০ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত ধুমুহাত

বতৰ বিজ্ঞান বিভাগৰ মতে ইতিমধ্যে নিস্তেজ হৈ পৰা ঘূৰ্ণী ৰিমালৰ প্ৰভাৱত অহা দুদিনলৈ বৰষুণ অব্যাহত ৰ’ব। মুষলধাৰ বৃষ্টিৰ ফলত বাংলাদেশ আৰু পশ্চিমবংগৰ ভিন্নস্থানত বানপানী সৃষ্টি হৈছে। বংগত ধুমুহাত নিহত লোকৰ ভিতৰত ৪গৰাকীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে। বাংলাদেশ–বংগৰ লগতে উত্তৰ–পূবৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ গছ ধুমুহা–বৰষুণৰ ফলত বাগৰি পৰিছে। অ‍ৱশ্যে ঘূৰ্ণীৰ প্ৰকোপ কমি অহাৰ পিছত স্বাভাৱিক জীৱন–যাত্ৰা ঘূৰাই আনিবলৈ তৎপৰ হৈ পৰিছে প্ৰশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...