বংগোপসাগৰত শক্তি বাঢ়িছে ঘূৰ্ণিবতাহ ফেংগলৰ

বংগোপসাগৰত ফেংগল নামৰ ঘূৰ্ণিবতাহৰ শক্তি বৃদ্ধি পাইছে। বিগত ছয় ঘণ্টা ধৰি এই ঘূৰ্ণিবতাহ ঘণ্টাত ১৩ কিলোমিটাৰ বেগত উপকূলৰ ফালে আগবাঢ়ি আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া আপডেট অনুসৰি, পুৱা ৫:৩০ বজালৈকে ফেংগল ত্ৰিনকোমালিৰ পৰা ১৩০ কিলোমিটাৰ দূৰত আছিল। ই নগাপট্টিনামৰ পৰা ৪০০ কিলোমিটাৰ, পুডুচেৰীৰ পৰা ৫১০ কিলোমিটাৰ দক্ষিণ-পূব দিশত আৰু চেন্নাইৰ পৰা ৫৯০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে।

ইণ্ডিয়ান মেটিওৰলজিকেল ডিপাৰ্টমেন্ট (IMD)-ৰ তথ্য অনুসৰি, ২৯ নৱেম্বৰত শুকুৰবাৰে এই ঘূৰ্ণিবতাহে স্থলভাগত প্ৰৱেশ কৰিব পাৰে। ফেংগল তামিলনাডুৰ দক্ষিণ-পূব উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা দেখা গৈছে। ফেংগলৰ দ্বাৰা তামিলনাডু আৰু পুডুচেৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্যৰ আধাৰত, তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ বাবে ধাৰাসাৰ বৰষুণ হ’ব। পশ্চিম বংগৰ ২৪ পৰগনা আৰু মেদিনীপুৰতো ফেংগলৰ প্ৰভাৱৰ ফলত বৰষুণৰ সম্ভাৱনা দেখা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...