মণিপুৰত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ছত্তীশগড়ৰ মাওবাদী বিৰোধী অভিযানস্থলীৰ পৰা ১,০০০ৰো অধিক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ জোৱান প্ৰত্যাহাৰ কৰি মণিপুৰত নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত নিৰাপত্তা বিষয়াসকলে জানিবলৈ দিয়া মতে, CRPFৰ এটা সম্পূৰ্ণ বেটেলিয়ন মণিপুৰলৈ স্থানান্তৰ কৰা হৈছে।
ছত্তীশগড়ৰ দক্ষিণ বাষ্টাৰৰ চুকমা জিলাত নিয়োজিত হৈ আছিল এই বেটেলিয়নটো। অঞ্চলটো এসময়ত মাওবাদীৰ অন্যতম শক্তিশালী ঘাটি হিচাপে পৰিচিত আছিল। বিগত কেইবাবছৰ ধৰি বেটেলিয়নটোৱে মাওবাদী বিৰোধী অভিযানত অংশগ্ৰহণ কৰি আহিছিল। অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ মাৰ্চ মাহত দেশত সশস্ত্ৰ মাওবাদী কাৰ্যকলাপৰ অন্ত পৰা বুলি ঘোষণা কৰাৰ পিছত বেটেলিয়নটোৱে মাইন নিষ্ক্ৰিয়কৰণ আৰু IED বিস্ফোৰক সামগ্ৰী নিষ্ক্ৰিয় কৰাৰ কামত নিয়োজিত হৈছিল।
দিল্লীস্থিত এগৰাকী জ্যেষ্ঠ নিৰাপত্তা বিষয়াই জনোৱা মতে, মণিপুৰত বিগত তিনিবছৰতকৈও অধিক সময় ধৰি অব্যাহত থকা জনগোষ্ঠীয় সংঘাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ উপস্থিতি বৃদ্ধি কৰাৰ বাবে CRPFৰ মুখ্য কাৰ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ পূৰ্বেও CRPFৰ বিশেষ জংঘল যুদ্ধ অভিযানৰ গোট Commando Battalion for Resolute Action (CoBRA)ৰ দুটা বেটেলিয়ন মণিপুৰত নিয়োগ কৰা হৈছিল। ইয়াৰ উপৰি CRPFৰ আন নিয়মীয়া গোট আৰু Rapid Action Force (RAF)ৰ জোৱানো ৰাজ্যখনত নিয়োজিত হৈ আছে।
২০২৩ চনৰ মে’ মাহত মণিপুৰত জনগোষ্ঠীয় সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যখনত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। নতুনকৈ স্থানান্তৰিত হ’বলগীয়া বেটেলিয়নটোৰ জোৱানসকলৰ বাবে থকা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাৰ ক্ষেত্ৰত যাতে অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।
আনহাতে, চুকমাত প্ৰত্যাহাৰ কৰা বেটেলিয়নটোৱে পালন কৰি অহা দায়িত্ব আৰু নিৰাপত্তা চকীসমূহ ওচৰ-চুবুৰীয়া CRPF গোট আৰু ৰাজ্যিক আৰক্ষীয়ে চম্ভালিব বুলি নিৰ্দেশ দিয়া হৈছে। অৱশ্যে, ছত্তীশগড় আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই প্ৰত্যাহাৰৰ ফলত মাওবাদী বিৰোধী অভিযানৰ নিৰাপত্তা ব্যৱস্থাত শূন্যতাৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, শেহতীয়াকৈ চুকমাত জনসাধাৰণৰ যাতায়াতৰ বাবে পথসমূহ সুৰক্ষিত কৰাৰ উদ্দেশ্যে চলোৱা এক বৃহৎ অভিযানতো এই বেটেলিয়নটোৱে অংশগ্ৰহণ কৰিছিল। অভিযানটোত পথত পুতি থোৱা মাইন আৰু IED নিষ্ক্ৰিয় কৰা হৈছিল।
দেশৰ মাওবাদী বিৰোধী অভিযানত CRPFৰ এক লাখৰো অধিক জোৱান নিয়োজিত হৈ আছে। ইয়াৰ ভিতৰত ছত্তীশগড়ত ২৫টাতকৈও অধিক নিয়মীয়া আৰু CoBRA বেটেলিয়ন মোতায়েন হৈ আছিল।
ইফালে, ছত্তীশগড় আৰু ওড়িশাৰ মাওবাদী বিৰোধী অভিযানস্থলীৰ পৰা আৰু কমেও তিনিটা অৰ্ধসামৰিক বেটেলিয়ন প্ৰত্যাহাৰৰ প্ৰস্তাৱো বিবেচনাধীন হৈ আছে বুলি নিৰাপত্তা বিষয়াগৰাকীয়ে সদৰী কৰিছে। এই বেটেলিয়নসমূহ মণিপুৰৰ লগতে পাকিস্তান আৰু বাংলাদেশ সীমান্তত নিয়োগ কৰাৰ সম্ভাৱনা আছে।
