এনভিডিয়াৰ CEO পদত জেনছেনৰ প্ৰত্যাৱৰ্তনৰ চৰ্চা! ‘হানিট্ৰেপ’ বিতৰ্কৰ মাজতে ছিলিকন ভেলীত তীব্ৰ জল্পনা-কল্পনা

এনভিডিয়াৰ CEO পদৰ পৰা পদত্যাগ কৰাৰ পিছত পুনৰ সংস্থাটোলৈ উভতি আহিব নেকি জেনছেন হুয়াং? এইবাৰ এই প্ৰশ্নক লৈ ছিলিকন ভেলীত তীব্ৰ চৰ্চা চলিছে। জেনছেনৰ পদত্যাগৰ পিছত সংস্থাটোৰ একাংশ কৰ্মচাৰীয়ে তেওঁক পুনৰ CEO পদত অধিষ্ঠিত কৰাৰ দাবী জনাইছে।

শেহতীয়াকৈ এলিছ হুয়াং নামৰ চীনৰ এগৰাকী যুৱতীৰ সৈতে জেনছেন হুয়াঙৰ প্ৰেমৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছিল। সংস্থাৰ কৰ্মচাৰীসকললৈ আভ্যন্তৰীণ ই-মেইল প্ৰেৰণ কৰি জেনছেনে এই সম্পৰ্কৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পিছতে তেওঁ এনভিডিয়াৰ CEO পদৰ পৰা পদত্যাগ কৰে।

অভিযোগ অনুসৰি, এলিছ নামৰ যুৱতীগৰাকীয়ে গোপনে এনভিডিয়াৰ অত্যাধুনিক AI চিপ সম্পৰ্কীয় কেইবাটাও সংবেদনশীল তথ্য চীনলৈ সৰবৰাহ কৰিছিল। অৱশ্যে, এই অভিযোগৰ সত্যতা এতিয়াও তদন্তৰ আওতাত আছে।

জেনছেনৰ পদত্যাগৰ পিছতে ছিলিকন ভেলীৰ কেইবাগৰাকীও প্ৰভাৱশালী ব্যক্তিয়ে তেওঁক পুনৰ এনভিডিয়ালৈ ওভতাই অনাৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে। সংস্থাটোৰ একাংশ কৰ্মচাৰীয়ে ‘Bring Jensen Back’ শীৰ্ষক এখন মুকলি পত্ৰও প্ৰকাশ কৰিছে।

খবৰ অনুসৰি, SpaceXৰ CEO ইলন মাস্ক আৰু Epic Gamesৰ CEO টিম ছুইনীয়েও এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আনহাতে, Altimeter Capital Managementৰ ব্ৰেড গাষ্টনাৰ আৰু Atreides Managementৰ গেভিন বেকাৰেও সংস্থাটোৰ নতুন পৰিচালনা সমিতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সাৱধানে সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে। দুয়োগৰাকী বিনিয়োগকাৰীয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xতো পোষ্ট কৰিছে।

কিন্তু জেনছেনৰ এনভিডিয়ালৈ প্ৰত্যাৱৰ্তনৰ পথ সহজ নহ’ব পাৰে। ইতিমধ্যে জেনছেন আৰু এলিছৰ সম্পৰ্কক লৈ সংস্থাটোৰ আভ্যন্তৰীণ তদন্ত চলি আছে। ইয়াৰ সমান্তৰালকৈ FBIয়েও ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে, সংস্থাটোৰ অন্তৱৰ্তীকালীন CEO হিচাপে কোলেট ক্ৰেছক নিযুক্তি দিয়া হৈছে। সংস্থাটোৱে ইতিমধ্যে সন্মুখীন হোৱা আৰ্থিক লোকচানৰ পৰা পুনৰুদ্ধাৰৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত জেনছেনৰ পুনৰ CEO পদত অধিষ্ঠিত হোৱাক লৈ জটিলতা সৃষ্টি হ’ব পাৰে বুলি একাংশই মত প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি আমেৰিকাৰ একাংশ আইন প্ৰণেতাইও জেনছেনৰ প্ৰত্যাৱৰ্তনৰ বিৰোধিতা কৰিব পাৰে। আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্টে এনভিডিয়াৰ পৰিচালনা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তনৰ পোষকতা কৰিছে।

তেওঁৰ মতে, জেনছেন আৰু এলিছৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল নে নাই, সেই কথা জানিবলৈ চেষ্টা কৰাতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এনভিডিয়াৰ পৰা চীনলৈ কোনো গোপন তথ্য সৰবৰাহ হৈছিল নেকি, সেয়া নিশ্চিত কৰা।

সেয়ে, জেনছেন হুয়াঙৰ প্ৰত্যাৱৰ্তনতকৈ বৰ্তমান এনভিডিয়াৰ পৰিচালনা ব্যৱস্থাত হ’বলগীয়া পৰিৱৰ্তন আৰু চলি থকা তদন্তৰ ফলাফলৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি ঘূৰ্ণীবতাহ ‘আকভান’ত পৰিণত হ’ব নিম্নচাপ! অৰ্ণৱ আৰু মুৰাছুৰ পিছত ৩ সপ্তাহত বংগোপসাগৰত তৃতীয়টো ঘূৰ্ণীবতাহৰ আশংকা

বংগোপসাগৰত কিয় সঘনাই সৃষ্টি হৈছে ঘূৰ্ণীবতাহ? দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম...