অনাদৃত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণস্থলী কাকতকূটা, স্থগিত কাকতকূটা উৎসৱ

১৫, ১৬ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল উৎসৱ; ৰাজ্যিক পৰ্যায়ত সমিতি গঠন কৰি নতুন তাৰিখ নিৰ্ধাৰণৰ সিদ্ধান্ত

উত্তৰ বংগৰ তোৰ্ষা নদীৰ পাৰত অৱস্থিত কাকতকূটা নামৰ স্থানত আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণস্থলী। গুৰুজনাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা এই পৱিত্ৰ ঐতিহাসিক স্থানডোখৰ আজিও অনাদৃত আৰু অৱহেলিত হৈ থকাটো গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে।

ইতিমধ্যে তোৰ্ষা নদীৰ গৰাখহনীয়াত উক্ত স্থানত থকা নামঘৰটো জাহ যোৱাৰ পিছত মহাপুৰুষজনাৰ এই ঐতিহ্যমণ্ডিত মহাপ্ৰয়াণস্থলীৰ সংৰক্ষণ আৰু সামগ্ৰিক উন্নয়নৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে বৰপেটা সত্ৰই। এই উদ্দেশ্যে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস বাপজনাৰ উদ্যোগত কাকতকূটাত বিশেষ উৎসৱ আয়োজনৰ পৰিকল্পনা কৰা হৈছিল।

কিন্তু উৎসৱ উদযাপনৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যোক্তা সমিতিয়ে। ১৫, ১৬ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা থকা কাকতকূটা উৎসৱ এতিয়া ৰাজ্যিক পৰ্যায়ত সমিতি গঠন কৰি উদযাপনৰ সিদ্ধান্ত লোৱা হৈছে।

এই কথা আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা উদযাপন সমিতিৰ সভাপতি ড০ বাবুল চন্দ্ৰ দাস বাপজনাই এখন সংবাদমেলযোগে সদৰী কৰে।

সংবাদমেলত বুঢ়াসত্ৰীয়া বাপজনাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল বৰপেটা সত্ৰ বা কোনো নিৰ্দিষ্ট অঞ্চলৰ গুৰু নহয়, তেওঁ সমগ্ৰ অসমীয়া জাতিৰ গুৰু। সেয়েহে গুৰুজনাৰ মহাপ্ৰয়াণস্থলীৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত সকলোৰে সামূহিক দায়িত্ব আছে।

তেওঁ লগতে জানিবলৈ দিয়ে যে কাকতকূটা উৎসৱ উদযাপনৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা চাৰিগৰাকীকৈ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰি এখন ৰাজ্যিক পৰ্যায়ৰ উদযাপন সমিতি গঠন কৰা হ’ব। এই সমিতিয়েই পৰৱৰ্তী সময়ত উৎসৱৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰিব।

ড০ বাবুল চন্দ্ৰ দাস বাপজনাই মহাপ্ৰয়াণস্থলীৰ বৰ্তমানৰ দুৰৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে দেশৰ অন্যান্য মহান ব্যক্তিসকলৰ মহাপ্ৰয়াণস্থলীসমূহ যিদৰে সংৰক্ষণ আৰু উন্নয়ন কৰা হৈছে, সেইদৰে গুৰুজনাৰ এই পৱিত্ৰ স্থানৰ বাবেও চৰকাৰৰ উদ্যোগত এক বৃহৎ উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰা উচিত।

স্থানটোত এখন উদ্যান, এটা নামঘৰকে ধৰি প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰি ঐতিহাসিক আৰু ধৰ্মীয় স্থানটোক উপযুক্ত মৰ্যাদা প্ৰদান কৰাৰ পোষকতা কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে।

শেষত গুৰুজনাৰ মহাপ্ৰয়াণস্থলীৰ সংৰক্ষণ আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰৰ লগতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস বাপজনাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি ঘূৰ্ণীবতাহ ‘আকভান’ত পৰিণত হ’ব নিম্নচাপ! অৰ্ণৱ আৰু মুৰাছুৰ পিছত ৩ সপ্তাহত বংগোপসাগৰত তৃতীয়টো ঘূৰ্ণীবতাহৰ আশংকা

বংগোপসাগৰত কিয় সঘনাই সৃষ্টি হৈছে ঘূৰ্ণীবতাহ? দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম...