শচীন তেণ্ডুলকাৰৰ সৈতে মুম্বাইৰ ৰাজপথত প্ৰিন্স উইলিয়াম আৰু ৰাজকুমাৰী কেট! ৰাজকীয় দম্পতীয়ে ল’লে ষ্ট্ৰীট ফুডৰ জুতি

ৰাজকীয় কাৰ্যসূচীৰ পৰম্পৰাগত পৰিসৰৰ বাহিৰলৈ গৈ মুম্বাইৰ এক সুকীয়া ৰূপৰ সৈতে পৰিচিত হ’ল ব্ৰিটেইনৰ প্ৰিন্স উইলিয়াম আৰু ৰাজকুমাৰী কেট। ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ সংগ লৈ তেওঁলোকে চহৰখনৰ ৰাজপথত খোজ কাঢ়িলে আৰু মুম্বাইৰ বিখ্যাত ৰাজপথৰ খাদ্যৰ সোৱাদ ল’লে।

প্ৰিন্স উইলিয়াম আৰু ৰাজকুমাৰী কেটৰ সৈতে এই ভ্ৰমণত সংগী হিচাপে আছিল ভাৰতীয় ক্ৰিকেটৰ মহাতাৰকা শচীন তেণ্ডুলকাৰ। তিনিওকে মুম্বাইৰ বেলাৰ্ড ইষ্টেট অঞ্চলত একেলগে ঘূৰি ফুৰা দেখা যায়। ভ্ৰমণৰ সময়ছোৱাত তেওঁলোকক ভাৰতৰ অন্যতম পুৰণি ফটোগ্ৰাফী ষ্টুডিঅ’ হেমিল্টন ষ্টুডিঅ’ৰ সন্মুখতো দেখা যায়। ইয়াৰ পিছতে তেওঁলোকে মুম্বাইৰ ৰাজপথৰ খাদ্য আৰু স্থানীয় সংস্কৃতিৰ সোৱাদ লয়।

এই সাক্ষাৎ আছিল ব্ৰিটেইনৰ ভৱিষ্যতৰ ৰজা-ৰাণী আৰু ভাৰতৰ অন্যতম জনপ্ৰিয় ক্ৰীড়া ব্যক্তিত্বৰ এক বিশেষ মিলন। সোমবাৰে তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে মুম্বাইত উপস্থিত হৈছিল উইলিয়াম আৰু কেট। চহৰখনত তেওঁলোকৰ বিভিন্ন কাৰ্যসূচীত শচীন তেণ্ডুলকাৰো অন্যতম বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ কথা।

বেলাৰ্ড ইষ্টেট অঞ্চলত তেণ্ডুলকাৰৰ সৈতে খোজ কাঢ়ি ফুৰাৰ সময়ত ৰাজকীয় দম্পতীহালে মুম্বাইৰ পৰম্পৰাগত পৰ্যটনস্থলীৰ বাহিৰৰ এক জীৱন্ত ৰূপৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে। লগতে স্থানীয় ৰাজপথৰ খাদ্যৰ সোৱাদ গ্ৰহণে তেওঁলোকৰ এই ভ্ৰমণত এক অনানুষ্ঠানিক আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখ্য যে, উইলিয়াম আৰু কেটৰ মুম্বাই ভ্ৰমণৰ কাৰ্যসূচী কেৱল ক্ৰীড়াৰ মাজতে সীমাবদ্ধ নহয়। তেওঁলোকে মুম্বাইৰ মেট্ৰ’ ৰে’লত যাত্ৰা কৰাৰ লগতে বলীউডৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতেও মত-বিনিময় কৰাৰ কথা। মঙলবাৰে তেওঁলোকে আৰ্থশ্বট বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে বুধবাৰে নতুন দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কাৰ্যসূচী আছে।

প্ৰিন্স অৱ ৱেলছ উইলিয়াম আৰু ৰাজকুমাৰী কেট ভাৰতলৈ অহাৰ মূল উদ্দেশ্য হৈছে আৰ্থশ্বট বঁটাৰ ষষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰা। ২০২০ চনত প্ৰিন্স উইলিয়ামে আৰম্ভ কৰা এই পৰিৱেশ সম্পৰ্কীয় পদক্ষেপৰ লক্ষ্য হৈছে পৃথিৱীৰ সন্মুখত থকা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰা প্ৰকল্পসমূহ চিনাক্ত কৰা আৰু সেইবোৰক সহায় আগবঢ়োৱা।

এইবাৰৰ বঁটা প্ৰদান অনুষ্ঠানত পাঁচটা বিজয়ী প্ৰকল্পক প্ৰতিটোতে ১০ লাখ পাউণ্ডকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব, যাতে তেওঁলোকে নিজৰ প্ৰকল্পসমূহ অধিক সম্প্ৰসাৰিত কৰিব পাৰে। এইবাৰৰ অনুষ্ঠানটো এতিয়ালৈকে অনুষ্ঠিত আৰ্থশ্বট বঁটাৰ আটাইতকৈ বৃহৎ সংস্কৰণ হ’ব বুলি আশা কৰা হৈছে।

মুম্বাইৰ এই ভ্ৰমণসূচীৰ জৰিয়তে ক্ৰিকেট, ফেশ্বন আৰু চলচ্চিত্ৰৰ মাজেৰে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা দীৰ্ঘদিনীয়া সাংস্কৃতিক সম্পৰ্ককো বিশেষভাৱে তুলি ধৰা হ’ব। আৰ্থশ্বট বঁটা প্ৰদান অনুষ্ঠানত আলিয়া ভাটকে ধৰি বলীউডৰ কেইবাগৰাকীও তাৰকা উপস্থিত থকাৰ কথা। ইয়াৰ উপৰি ব্ৰিটিছ পপ সংগীতৰ দল ‘টেক দেট’য়েও অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব।

বিশেষকৈ ৰাজকুমাৰী কেটৰ বাবে এই ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ। ২০২৪ চনত প্ৰতিৰোধমূলক কেম’থেৰাপি গ্ৰহণ কৰাৰ পিছত এইটোৱেই হৈছে তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিদেশ ভ্ৰমণ আৰু ৰাজহুৱা কাৰ্যসূচী।

ইয়াৰ পূৰ্বে ২০১৬ চনৰ এপ্ৰিল মাহত উইলিয়াম আৰু কেটে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিছিল। সেইবাৰ তেওঁলোকে ভূটানলৈও গৈছিল।

আৰ্থশ্বট বঁটা প্ৰদান অনুষ্ঠানৰ উপৰি এই ভ্ৰমণৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে স্বচ্ছ শক্তি, বহনক্ষম পৰিবহণ ব্যৱস্থা, উদ্ভাৱন আৰু বাণিজ্যৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰিটেইনৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰা।

তিনিদিনীয়া ভাৰত ভ্ৰমণৰ অন্তিম কাৰ্যসূচী হিচাপে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰিব প্ৰিন্স উইলিয়াম আৰু ৰাজকুমাৰী কেটে। এই সাক্ষাতৰ জৰিয়তে তেওঁলোকৰ ভাৰত ভ্ৰমণৰ সামৰণি পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related