চিনেমাৰ দৰে এক কাহিনী! কিদৰে মুকেশ কুমাৰে স্থান পালে টীম ইণ্ডিয়াত?

ক্ৰিকেট খেলি একো লাভ নহ’ব’
‘তই CRPFত চাকৰি পাবলৈ চেষ্টা কৰ’
‘বিহাৰত ক্ৰিকেটৰ একো ভৱিষ্যৎ নাই’

এইয়া হ’ল ভাৰতীয় দলত সুযোগ পোৱা এজন বলাৰৰ পিতৃৰ সৈতে হোৱা কথাপাকথন। আপুনি চাগে ভাবিছে যশপ্ৰীত বুমৰাহ বা ভুৱনেশ্বৰ কুমাৰৰ সংগ্ৰামৰ দিনৰ কথা। কিন্তু নহয়, বৰ্তমান সময়ত IPLত খেলি খুব কম সময়তে জনপ্ৰিয় হোৱা খেলুৱৈৰ পৰা বহু আঁতৰত তেওঁ। কিন্তু নিজৰ দক্ষতা আৰু প্ৰতিভাৰে IPLৰ এখনো মেচ নেখেলাকৈ ভাৰতীয় এদিনীয়া দলত অন্তৰ্ভুক্ত হবলৈ সক্ষম হোৱা বলাৰজনৰ কথা কবলৈ উলাইছোঁ আজি। নাম তেওঁৰ মুকেশ কুমাৰ। বৰ্তমান বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলে মুকেশ কুমাৰে।

বিহাৰৰ এখন সৰু ঠাই গোপালগঞ্জত জন্মলাভ কৰা মুকেশে প্ৰথম পৰ্যায়ত স্থানীয় ক্ৰিকেট খেলত ভাগ লৈছিল। কিন্তু বিহাৰৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টত গোপালগঞ্জ জিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অমিত সিঙে প্ৰথমে মুকেশ কুমাৰৰ প্ৰতিভা দেখিছিল। মুকেশে তেতিয়া প্ৰতিদিনে ৩০ কিলোমিটাৰ চাইকেল চলাই খেল খেলিবলৈ গৈছিল। যিহেতু বিহাৰ ক্ৰিকেট সংস্থা BCCIৰ দ্বাৰা সংযুক্ত নহয়, গতিকে ক্ৰিকেট এৰি মুকেশ কুমাৰে ২০১২ চনত দেউতাকৰ টেক্সি ব্যৱসায়ত সহায় কৰিবলৈ কলকাতালৈ গুচি আহিছিল।

সেই সময়ত ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছিল দেউতাক। দেউতাকৰ টেক্সি ব্যৱসায়ত সহায়ৰ মাজতে সৰু-সুৰা ক্ৰিকেট লীগত খেলি মুকেশে ৪০০-৫০০ টকাকৈ দিনে উপাৰ্জন কৰিছিল।

কিন্তু ২০১৪ চনত মুকেশৰ জীৱন সলনি হৈ যায়। বংগ ক্ৰিকেট সংস্থাই আয়োজন কৰা Trailsত তেওঁৰ প্ৰতিভা দেখি বংগ দলত অন্তৰ্ভুক্ত কৰে। তাৰ পিছত যেন পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। মুকেশে বৰ্তমানলৈকে ৩১খন প্ৰথম শ্ৰেণীৰ খেলত ১১৩ টা উইকেট দখল কৰিছে।

শেহতীয়া ভাবে অনুষ্ঠিত হোৱা ইৰাণী ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল। আৰু মুকেশ সাম্প্ৰতিক সময়ত এনে এজন প্ৰতিভাধৰ ক্ৰিকেটাৰ যিজনে IPLত এখনো মেচ নেখেলাকৈয়ে ভাৰতীয় এদিনীয়া দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মুকেশ কুমাৰৰ এই ZEROৰ পৰা HEROৰ কাহিনীয়ে সকলে অনুপ্ৰেৰণা যোগাব। ভাৰতীয় ক্ৰিকেটত মুকেশ কুমাৰৰ নিচিনা আৰু এনেকুৱা খেলুৱৈ ওলাই আহক তাৰে কামনা কৰিছে ক্ৰিকেট অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...