আমাৰ লক্ষ্য ক্ৰিকেটৰ মাধ্যমৰে অসম, উত্তৰ-পূৱৰ সামগ্ৰিক উত্তৰণ: RRৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ

গুৱাহাটীত আই পি এল আয়োজন কৰি ধন ঘটাৰ অভিপ্ৰায় আমাৰ নাই৷ আমাৰ লক্ষ্য ক্ৰিকেটৰ মাধ্যমৰে অসম তথা উত্তৰ-পূৱৰ সামগ্ৰীক উত্তৰণ৷ আমি আশাবাদী ক্ৰিকেটৰ জড়িয়তে অসম আৰু উত্তৰ-পূৱৰ ক্ৰীড়া, অৰ্থনীতি, পয্যটনৰ দ্ৰুত উত্তৰন কৰিবলৈ সক্ষম হ’ব৷ আমাৰ প্ৰতিভা আৰু শক্তি পৰিধি ভাঙি আগুৱাই যাব৷ আই পি এলে যি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে সেয়া যিমানেই প্ৰসাৰ ঘটিব সিমানেই আমাৰ ৰাজ্যখনো উত্তৰণৰ দিশে অশ্বমেধৰ ঘোঁৰাৰ দৰে আগুৱাই যাব৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰৰ৷

উল্লেখ্য যে চলিত আই পি এলৰ উন্মাদনা গুৱাহাটীত আৰম্ভ হোৱাৰ সময়তে আজি মহানগৰীত উপস্থিত হৈ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে বৰঠাকুৰে৷ পাছত তেওঁ বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াৰ লগত ষ্টেডিয়ামৰ আত্যাধুনিক সা-সুবিধাসমুহ নিৰীক্ষন কৰি যাৱতীয় প্ৰস্তুতিৰো বুজ লয়৷ উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷ গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিব৷ সঞ্জু ছেমছনে নেতৃত্ব দিয়া ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

এই সন্দৰ্ভত সংবাদমেলত ৰয়েলছৰ অধ্যক্ষ বৰঠাকুৰে অসম চৰকাৰ, অসম ক্ৰিকেট সন্থা তথা বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াক ধন্যবাদ জনাই লগতে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ এইবাৰ অনুৰাগীৰ সমৰ্থন পূৰ্বতকৈয়ো বৃদ্ধি পাইছে৷ এয়া আমাৰ বাবে গৌৰৱৰ বিষয়৷ কাৰণ আমি নিজকে শক্তিশালী হোৱা বুলি অনুভৱ কৰিছো৷ উত্তৰ-পূৱত ক্ৰিকেটৰ দ্ৰুত উত্তৰণ আৰু প্ৰসাৰে সমগ্ৰ অঞ্চলটোতে ইতিবাচক প্ৰভাৱ পেলাব৷ অহা বছৰ আমি গুৱাহাটীত মেচৰ সংখ্যাও বৃদ্ধি কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছো৷ অনাগত সময়ত দল বৃদ্ধিৰ লগে লগে গুৱাহাটীতো মেচৰ সংখ্যা বৃদ্ধি হ’ব৷ কাৰণ এ চি এ ষ্টেডিয়ামৰ উইকেট আৰু ব্যৱস্থা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বুলি ক্ৰিকেটাৰ আৰু ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলে মুকলিকৈ অবগত কৰিছে৷’

ইফালে, অসম গৌৰৱ তথা ৰয়েলছৰ তাৰকা বেটাৰ ৰিয়ান পৰাগৰ চলিত ছিজনৰ প্ৰদৰ্শন সন্দৰ্ভত অৱলোকন কৰি বৰঠাকুৰে কয় যে উত্তৰ-পূৱৰ নৱাগতসকলৰ বাবে ৰিয়ান আদৰ্শ হৈ পৰিছে৷ ‘প্ৰতিকুল পৰিৱেশৰ মাজতো ৰিয়ান যিদৰে ওলাই গৈ আজি চমক সৃষ্টি কৰিছে মোৰ আশা উত্তৰ-পূৱৰ পৰা অনাগত সময়ত অতিকমেও ২০ গৰাকী ক্ৰিকেটাৰে আই পি এলৰ অন্য দলৰ হৈ খেলক আৰু প্ৰতিভাৰ পৰিচয় বিশ্বক দিয়ক৷ আমি এ চি এৰ সহায়ত গুৱাহাটীৰ একাডেমীটো পুনৰ সক্ৰিয় কৰিম লগতে উত্তৰ-পূৱৰ বাবে এক হাইপাৰফমেন্স কেন্দ্ৰও মুকলি কৰাৰ লক্ষ্য আছে৷ পুৰুষৰ লগতে মহিলা ক্ৰিকেটাৰৰ উন্নত প্ৰশিক্ষণৰ বাবেও আমাৰ সপূৰ্ণ সহযোগিতা থাকিব৷’ বৰঠাকুৰে লগতে ব্যক্ত কৰে৷

ইফালে, ৰাজস্থান ৰয়েলছৰ সামাজিক দায়বদ্ধতাৰ কাৰ্যসূচী অনুসৰি মহিলা সবলীকৰণৰ দিশত কাম কৰাৰ বিৰামহীন যাত্ৰা এইবাৰো অসমতো কৰা হ’ব বুলি ব্যক্ত কৰি বৰঠাকুৰে জনাই যে তেজপুৰৰ বালিপাৰাৰ এখন বৃহৎ মিচিং গাঁৱত বিনামুলীয়াকৈ সৌৰশক্তিৰ ব্যৱস্থাৰে বৈদ্যুতিককৰণ কৰা হ’ব৷ ইফালে, গুৱাহাটীৰ মেচতো ৰয়েলছে বিশেষ অতিথিৰূপে চাফাই কৰ্মীক বিনামুলীয়াকৈ মেচ উপভোগ কৰাৰ সুবিধা দিব৷ ইফালে, গুৱাহাটীৰ মেচলৈ কিংছ আৰু কে কে আৰৰ স্বত্বাধিকাৰী প্ৰীতি জিণ্টা তথা শ্বাহৰূখ খান আহিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি বৰঠাকুৰে কয় যে ইতিমধ্যে দূয়োজন তাৰকাই বিশেষ অসুবিধা নহ’লে অসমলৈ অহাৰ কথা কৈছে৷

উল্লেখ্য যে চলিত ১৭ সংখ্যক আই পি এলত এতিয়ালৈকে খেলা এঘাৰখন মেচৰ আঠখনতে জয়লাভ কৰি ৰাজস্থান ৰয়েলছ ১৬ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছে৷ কাইলৈ ৰয়েলছে চেপক ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ এই মেচ খেলিয়েই ৰাজস্থান ৰয়েলছ গুৱাহাটীলৈ আহিব ছিজনৰ অন্তিম দুখন খেলত অংশ লোৱাৰ বাবে৷ কাৰ্যতঃ গুৱাহাটীৰ মেচেই নিৰ্ণয় কৰিব ৰয়েলছৰ শীৰ্ষস্থান তথা প্লে-অফৰ যোগ্যতা৷ গুৱাহাটীৰ উভয় মেচে গুৰুত্বপূৰ্ণ বুলি ব্যক্ত কৰা বৰঠাকুৰে ৰয়েলছৰ দলটো অহা ১৩ মে’ত গুৱাহাটীত উপস্থিত হ’ব বুলি কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...