থানাত গৰুৰ গৰাকীয়ে সম্বৰ্ধনা জনালে আৰক্ষীক, কিন্তু কিয়?

আৰক্ষীক গামোচা পিন্ধাই সম্বৰ্ধনা জনালে এজন ব্যক্তিয়ে। চুৰি হোৱা গৰু উদ্ধাৰৰ পাছতে আনন্দিত হৈ গামোচা পিন্ধালে আৰক্ষীক। তিতাবৰৰ মেলামাটিৰ পতিয়াগাঁৱৰ ৰাজু শইকীয়া নামৰ লোকজনৰ চুৰি হোৱা গৰু উদ্ধাৰ কৰি গতাই দিয়াৰ আনন্দতে এইদৰে গামোচা পিন্ধালে তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিনহা আৰু সহকাৰী উপ-পৰিদৰ্শক নৱ শইকীয়াক। আৰক্ষীয়ে অভিযান চলাই গোলাঘাটৰ পৰা উদ্ধাৰ কৰে দুজনীকৈ চুৰি হোৱা গৰু। বিগত কেইবাদিনো ধৰি সঘনাই তিতাবৰ মেলামাটি অঞ্চলত ঘটি আহিছিল গৰু চুৰিৰ ঘটনা। অভিযোগ অনুসৰি চাবিৰ নামৰ এজন লোকে অঞ্চলটোত গৰু চুৰি কৰি বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে। ইতিমধ্যে আৰক্ষীয়ে গৰু চোৰ চাবিৰক বিচাৰি অব্যাহত ৰাখিছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...