২ শতাধিক লোকে এফালৰ পৰা লণ্ডভণ্ড কৰিলে ইস্কন মন্দিৰ, বাংলাদেশত ভয়ংকৰ ঘটনা

প্ৰায় ২ শতাধিক লোকে ভাঙি লণ্ডভণ্ড কৰিলে ISKCON ৰাধাকান্ত মন্দিৰ। বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ভাৰতত দেশজুৰি হোলী বা ফাকুৱা উদযাপনৰ সময়তে চুবুৰীয়া বাংলাদেশত হিন্দুৰ মন্দিৰৰ ওপৰত আক্ৰমণ চলিছে। ঢাকাৰ ২২২ লালমোহন সাহা ষ্ট্ৰীটস্থিত ৱাৰিত আছিল এই ইস্কন মন্দিৰটো। হাজি ছফিউল্লা নামৰ এজনৰ নেতৃত্বত চলিছিল এই ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত ৩জন লোক গুৰুতৰভাবে আহত হৈছে। আহত সুমন্ত্ৰ চন্দ্ৰ শ্ৰাৱন, নিহাৰ হালদাৰ, ৰাজীৱ ভদ্ৰ গুৰুতৰভাবে আহত হৈছে। যোৱা বছৰো বাংলাদেশত দুৰ্গা পূজা মণ্ডপত আক্ৰমণ কৰি ৩জন লোকক হত্যা কৰিছিল দুৰ্বৃত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...