থানাত গৰুৰ গৰাকীয়ে সম্বৰ্ধনা জনালে আৰক্ষীক, কিন্তু কিয়?

আৰক্ষীক গামোচা পিন্ধাই সম্বৰ্ধনা জনালে এজন ব্যক্তিয়ে। চুৰি হোৱা গৰু উদ্ধাৰৰ পাছতে আনন্দিত হৈ গামোচা পিন্ধালে আৰক্ষীক। তিতাবৰৰ মেলামাটিৰ পতিয়াগাঁৱৰ ৰাজু শইকীয়া নামৰ লোকজনৰ চুৰি হোৱা গৰু উদ্ধাৰ কৰি গতাই দিয়াৰ আনন্দতে এইদৰে গামোচা পিন্ধালে তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিনহা আৰু সহকাৰী উপ-পৰিদৰ্শক নৱ শইকীয়াক। আৰক্ষীয়ে অভিযান চলাই গোলাঘাটৰ পৰা উদ্ধাৰ কৰে দুজনীকৈ চুৰি হোৱা গৰু। বিগত কেইবাদিনো ধৰি সঘনাই তিতাবৰ মেলামাটি অঞ্চলত ঘটি আহিছিল গৰু চুৰিৰ ঘটনা। অভিযোগ অনুসৰি চাবিৰ নামৰ এজন লোকে অঞ্চলটোত গৰু চুৰি কৰি বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে। ইতিমধ্যে আৰক্ষীয়ে গৰু চোৰ চাবিৰক বিচাৰি অব্যাহত ৰাখিছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...