ক’ভিড আতংক! বাতিল হ’ব নেকি IPL?

IPLৰ পৰৱৰ্তী খেলসমূহ বাতিল হোৱাৰ সম্ভাৱনা। যিহেতু দিল্লী কেপিটেলছৰ তিনিজনকৈ খেলুৱৈৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আই যে জনোৱা অনুসৰি পুনেলৈ গৈ দিল্লী কেপিটেলছে খেলিব লগীয়া আই পি এল ৰ মেচ সমূহ ক’ভিড-১৯ৰ বাবে বাতিল কৰিব লগীয়া হয়। দিল্লী কেপিটেলছৰ ফিজিঅ’ প্ৰেট্ৰিক ফাৰহাৰ্ট ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে দলটোত আৰু দুজন খেলুৱৈও ক’ভিডত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে এজন বিদেশী খেলুৱৈও।

আনহাতে, দিল্লী কেপিটেলছৰ সমগ্ৰ দলটোৱে বৰ্তমান RT-PCR পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে। দলটোৰ তিনিজনকৈ খেলুৱৈ ক’ভিডত আক্ৰান্ত হোৱাৰ ফলত মুঠ পজিটিভৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে। ক’ভিডৰ সংক্ৰমণ যদি এনে দৰেই বৃদ্ধি পাই থাকে তেন্তে IPLৰ খেলসমূহ বাতিল হোৱাৰ সম্ভাৱনাই অধিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...