পেট্ৰ’ল-ডিজেল সঞ্চয়ৰ পৰিকল্পনা!

প্ৰায় একমাহৰ ভিতৰত তেলৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে। কিয়নো ৰাছিয়াত বৰ্তমান তেল নিষিদ্ধ কৰা হৈছে। অন্যান্য মুখ্য তেল উৎপাদক ইৰাণ আৰু ভেনিজুৱেলাইও পেট্ৰ’লিয়াম বিক্ৰীৰ ওপৰত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লগীয়া হৈছে। নেপাল চৰকাৰে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে চলিত মাহত ৰাজহুৱা খণ্ডৰ কাৰ্যালয়সমূহ দুদিনৰ বাবে বন্ধ ঘোষণা কৰাৰ কথা বিবেচনা আলোচনা কৰি আছে। কিয়নো নেপালে বৰ্তমান সময়ত বৈদেশিক মুদ্ৰাৰ সংকটৰ লগতে পেট্ৰ’লিয়াম সামগ্ৰীৰ আকাশচুম্বী মূল্যৰ সৈতেও যুঁজি আছে।

নেপালৰ কেবিনেট সূত্ৰই জানিবলৈ দিয়া মতে নেপালৰ কেন্দ্ৰীয় বেংক আৰু নেপালৰ তেল নিগমে চৰকাৰক দুদিনৰ চৰকাৰী ছুটি দিবলৈ পৰামৰ্শ দিছে। কিয়নো প্ৰায় এমাহ জোৰা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে তেলৰ মূল্য যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে, কিয়নো ৰাছিয়াত বৰ্তমান তেল নিষিদ্ধ কৰা হৈছে। আৰু অন্যান্য মুখ্য তেল উৎপাদক ইৰাণ আৰু ভেনিজুৱেলাইও পেট্ৰ’লিয়াম বিক্ৰীৰ ওপৰতো নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

ক’ভিড-১৯ মহামাৰীৰ ফলত আন্তৰ্জাতিক ভ্ৰমণ স্থবিৰ হোৱাৰ পিছৰে পৰা পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল নেপালে ইয়াৰ বৈদেশিক ভাণ্ডাৰ হ্ৰাসৰ সন্মুখীন হ’ব লগীয়া হৈছে। বিষয়াসকলৰ মতে চৰকাৰে নেপাল অইল কৰ্পোৰেচনৰ বাবে এই পৰামৰ্শত গুৰুত্বপূৰ্ণ সঞ্চয় দেখিছে যিয়ে ৰাজসাহায্যযুক্ত হাৰত ইন্ধন বিক্ৰী কৰিছে আৰু বৰ্তমানৰ বিশ্বব্যাপী হাৰত বৃহৎ লোকচান বহন কৰিব লগীয়া হৈছে। নেপাল চৰকাৰৰ মুখপাত্ৰ জ্ঞানেন্দ্ৰ বাহাদুৰ কাৰ্কীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি চৰকাৰে এতিয়ালৈকে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই। আৰু তেওঁ লগতে জনাই যে এই প্ৰস্তাৱটো আহিছে আৰু ইয়াক বিবেচনা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...