আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত কৰিব পাৰিব ডেংগু আৰু কভিডৰ চিকিত্সা

সাধাৰণ ৰোগীৰ বাবে অত্যন্ত ভাল খবৰ। কভিড আৰু ডেংগু ৰোগকো সামৰি লব আয়ুষ্মান ভাৰত আঁচনিয়ে। প্ৰতি বছৰে চিকিত্সাৰ নামত লাখ লাখ টকা খৰচ কৰিব লগা হয় ৰোগী-অভিভাৱকে। সুস্থ জীৱন লাভ কৰিবলৈ চিকিত্সালয়ে চিকিত্সালয়ে ঢপলিয়াব লগীয়া হয় সাধাৰণ ৰোগীসকল। তাৰোপৰে প্ৰায় দুবছৰ ধৰি কভিডে সংহাৰ চলাই আছে সমগ্ৰ বিশ্বত। কভিডৰ বাবে যিকোনো স্থানলৈ যাবলৈ আৰু স্বাভাৱিক জীৱনলৈ বাধাৰ প্ৰাচীৰ ৰূপে ঠিয় দিছে। ধন-জন হানি হোৱাৰ বাবে প্ৰিয়জনক হেৰুৱাই সৰ্বস্বান্ত হব লগা হৈছে বহু দৰিদ্ৰ পৰিয়াল। বহু পৰিয়ালে চিকিত্সা ব্যয় বহন কৰিব নোৱাৰি ঘৰৰ মাটি-ভেটি বেচি দিব লগা পৰিস্থিতিৰো সৃষ্টি হয়।

এনে দৰিদ্ৰ ৰোগীৰ কথা ভাবি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল আয়ুষ্মান ভাৰত আঁচনি। প্ৰতিজন লোকৰ চিকিত্সাৰ গেৰাণ্টি বা সহায়ৰ হাত হোৱাকৈ আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰিছে। কিন্তু ইয়াৰ পূৰ্বে কেইটাম ৰোগৰহে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চিকিত্সা সুবিধা লাভ কৰিছিল। এতিয়াৰে পৰা কভিড আৰু ডেংগুৰ দৰে ৰোগৰ চিকিত্সাও আয়ুষ্মান ভাৰতে সাঙুৰি ল’ব। মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী ড০ ভাৰতী প্ৰবীণ পাৱাৰে এই কথা ঘোষণা কৰে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত থাকিব কভিড আৰু ডেংগু ৰোগো। ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে এই কথা প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...