ক’ভিডৰ সংক্ৰমণ, এসপ্তাহৰ বাবে বন্ধ কৰি দিছে বেংকৰ কাম-কাজ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। উত্তৰ জামুগুৰি হাস্পতালৰ অন্তৰ্গত বৃহত্তৰ জামুগুৰিহাট অঞ্চলত ক’ভিডৰ তৃতীয়টো ঢৌত ১৫৯গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰ লগতে এজন লোকৰ কৰ’ণাত মৃত্যু ঘটিছে। জামুগুৰিৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত অৱস্থিত ইউকো বেংকৰ জামুগুৰিহাট শাখাৰ সকলো বিষয়া-কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হোৱাত প্ৰশাসনে এসপ্তাহৰ বাবে বন্ধ কৰি দিছে বেংকৰ সকলো কাম-কাজ। যোৱা ৪ দিন ধৰি ইউকো বেংকৰ জামুগুৰিহাট শাখা বন্ধ হৈ থকাৰ ফলত একপ্ৰকাৰ সমস্যাত পৰিছে বেংকৰ গ্ৰাহকসকল। ইয়াৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰে জড়িত ব্যৱসায়ী আৰু সাধাৰণ লোকসকলো সমস্যাত পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...