মছজিদ চৌহদত শিৱলিংগ উদ্ধাৰ, প্ৰতিবেদন দাখিলৰ বাবে দুদিনৰ সময়সীমা আদালতৰ

বাৰানসীৰ বিতৰ্কিত জ্ঞানবাপী মছজিদত চলোৱা সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ দুদিনৰ সময়সীমা বান্ধি দিয়া হৈছে। দুদিনৰ ভিতৰত মছজিদ চৌহদত চলোৱা সমীক্ষাৰ প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছে বাৰানসীৰ এখন আদালতে। বাৰানসীৰ ছিভিল আদালতৰ নিৰ্দেশ ক্ৰমে মছজিদ চৌহদত ভিডিঅ’ সমীক্ষা চলাবলৈ নিয়োগ কৰা হৈছিল ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ এটা দল। ইতিমধ্যে জৰীপ কাৰ্য সম্পন্ন কৰা হৈছে যদিও ইয়াৰ প্ৰতিবেদন এতিয়াও দাখিল কৰা হোৱা নাই। প্ৰতিবেদন দাখিলৰ পূৰ্বে এই সমীক্ষা সম্পৰ্কীয় তথ্য ফাদিল কৰাৰ অভিযোগত আদালতে সমীক্ষাৰ বাবে নিয়োগ কৰা তিনিজনীয়া আয়ুক্তৰ এজনক বৰ্খাস্ত কৰা হৈছে। অজয় মিশ্ৰ নামৰ আয়ুক্তজনৰ এজন সহকাৰীয়ে ফাদিল কৰিছিল এই তথ্য। আন দুজন আয়ুক্ত বিশাল সিং আৰু অজয় প্ৰতাপৰ ওপৰত সমীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দায়িত্ব ন্যস্ত কৰা হৈছে। উল্লেখ্য যে কাশী বিশ্বনাথ মন্দিৰৰ কাষৰীয়া জ্ঞানবাপী মছজিদ চৌহদত হিন্দু মন্দিৰ থকা বুলি একাংশ হিন্দু সংগঠনে দাবী কৰাৰ পিছতে ভিডিঅ’ সমীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই সমীক্ষা চলোৱাৰ সময়তে মছজিদ চৌহদত শিৱলিংগ উদ্ধাৰ কৰা হয়। সম্প্ৰতি সমগ্ৰ বিষয়টো আদালতৰ বিবেচনাধীন। ইপিনে মছজিদৰ কোন স্থানত প্ৰকৃততে শিৱলিংগ উদ্ধাৰ কৰা হৈছে তাক নিশ্চিত কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। অঞ্চলটো সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ন্যায়ালয়ে চৌহদত নামাজ নিষিদ্ধ নকৰিবলৈও নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...