এফালে আৰ্থিক সংকট, আনফালে উৰুৱাইছে হেলিকপ্টাৰ

দান–বৰঙণি বিচাৰি আহ্বান জনোৱা ভূপেন বৰাৰ হেলিকপ্টাৰ লৈ প্ৰচাৰ

নিৰ্বাচনৰ সময়ত তীব্ৰ আৰ্থিক সংকটত ভুগিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। নিখিল ভাৰত কংগ্ৰেছ কমিটীও প্ৰয়োজনীয় নিৰ্বাচনী পুঁজি যোগান ধৰিব পৰা নাই প্ৰদেশ কংগ্ৰেছক। কিয়নো আয়কৰ বিভাগে AICCৰ কেইবাটাও বেংক একাউণ্ট বন্ধ কৰি ৰখাৰ ফলত নিজেই আৰ্থিক সংকটত ভুগিছে AICC।

নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ধন নাই কংগ্ৰেছৰ

ফলত ৰাইজৰ পৰা দান–বৰঙণি বিচাৰি এতিয়া মুকলি আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

দান-বৰঙণি ল’বলৈ সাজু আছে প্ৰদেশ কংগ্ৰেছ

মুকলিকৈ দান-বৰঙণি দিলেও ল’ব APCCএ

কোনোবাই গোপনে দিলেও কংগ্ৰেছক দিব পাৰে দান-বৰঙণি

বুধবাৰে খানাপাৰাত সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

সংবাদমাধ্যমৰ আগত ভূপেন বৰাৰ দাবী–

যোৱা মাহত ৮০ লাখ টকা চান্দা লৈছোঁ মই

ইফালে, হেলিকপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওলাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

খানাপাৰাৰ পৰা ডিফুলৈ উৰিল ভূপেন বৰাৰ হেলিকপ্টাৰ

ডিফুত কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ মনোনয়ন দাখিলত অংশগ্ৰহণ কৰি পুনৰ হেলিকপ্টাৰেৰে বৰাকলৈ ৰাওনা হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বুধ আৰু বৃহস্পতিবাৰে শিলচৰ আৰু কৰিমগঞ্জৰ দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন। ইয়াৰ পিছতে বৰাকত নিশাটো কটাই বৃহস্পতিবাৰে হেলিকপ্টাৰেৰে নগাঁৱলৈ আহিব ভূপেন বৰা। নগাঁৱত বৃহস্পতিবাৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব ভূপেন বৰা। কিন্তু এইখিনিতেই বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে –

তীব্ৰ আৰ্থিক সংকটত ভুগি থকা কংগ্ৰেছে কিদৰে প্ৰচাৰত ব্যৱহাৰ কৰিছে হেলিকপ্টাৰ?

ইপিনে, দলীয় টিকট প্ৰদানৰ নামত ধনৰ লেনদেন হোৱাৰ গুৰুতৰ অভিযোগ সন্দৰ্ভতো খানাপাৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সংবাদমাধ্যমৰ আগত ভূপেন বৰাৰ মন্তব্য- ৰমেন বৰঠাকুৰে কোৱা কথা সঁচা হ’লে, মই কোৱা কথা মিছা নেকি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...