একেলগে ৮ যোৰা দৰা-কইনাই মেলিলে যুগ্ম জীৱনৰ পাতনি

আয়তীৰ উৰুলি, বিয়ানামেৰে মুখৰ বৰনামঘৰৰ প্ৰাংগন। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত হোমৰ জুইক সাক্ষী কৰি ললে সংকল্প। একেলগে ৮ যোৰা দৰা-কইনাই মেলিলে যুগ্ম জীৱনৰ পাতনি। বৈদিক ৰীতি নীতিৰে আজীৱন দুয়ো দুয়োৰে হৈ থকাৰ ললে পণ।

বিবাহ সকলোৰে জীৱনৰ এক স্মৰণীয় দিন। কিন্তু উপযুক্ত ধনৰ অভাৱত বহুতেই বিশেষ কৰি তুলিব নোৱাৰে এই বিশেষ দিনটো। সেয়ে সামাজিক স্বীকৃতিৰ পৰা যেন বঞ্চিত হৈ ৰয় সেইসকল। সেয়ে ৰহাৰ কটহগুৰিত শুকুৰবাৰে নিশা অনুষ্ঠিত হ’ল এই সমূহীয়া বিবাহ। আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰিব নোৱাৰা ৮ যোৰা দম্পত্তিক গাঁৱৰ ৰাইজে পাতি দিলে বিবাহ। গাঁৱৰ বৰনামঘৰৰ প্ৰাংগনত বৈদিক ৰীতি নীতিৰে সম্পন্ন হল সমূহীয়া বিবাহ। সামাজিক ৰীতি নীতি, ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ ৰহাৰ কটহগুৰিত সম্পন্ন ৮ দম্পতীৰ বুঢ়া বিয়া

কটহগুৰি চাৰিখেলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই সামূহিক বিবাহ অনুষ্ঠান। বৰ্তমান সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰা অৱস্থাত কোনো অভ্যৰ্থনাৰ ব্যৱস্থা নকৰাকৈয়ে অনুষ্ঠিত সমূহীয়া বিবাহ। সামাজিক পৰম্পৰা ৰক্ষা কৰি কটহগুৰিৰ ৰাইজে কৰা এই কাৰ্যক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...