কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ

কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ। কি ডেকা, কি গাভৰু, জীয়ৰী-বোৱাৰী সকলো লাগিল মাছ ধৰাত। এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ’ল তাৰং নৈত।

কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ
শতাধিক লোক নামিল কোকৰাঝাৰৰ তাৰং নৈত
জাল, জাকৈ, খালৈ লৈ পানীত নামিল ডেকা, গাভৰু, জীয়ৰী-বোৱাৰী
মাছেৰে এসাঁজ জুতি লগাই খাবলৈ এনেদৰে মৎস্য চিকাৰ
বিভিন্ন জনগোষ্ঠীৰ লোকৰ মৎস্য চিকাৰ তাৰং নৈত

কোকৰাঝাৰত সমূহীয়া মৎস্য চিকাৰ। শতাধিক লোক নামিল কোকৰাঝাৰৰ তাৰং নৈত। মৎস্য চিকাৰৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ’ল। পুৱাই এনেদৰে তাৰং নৈত দেখিবলৈ পোৱা গ’ল উৎসৱ মুখৰ পৰিৱেশ। জাল, জাকৈ, খালৈ লৈ পানীত নামিল ডেকা, গাভৰু, জীয়ৰী-বোৱাৰী সকলো। কোনোৱে যদি পাইছে ৰৌ, বৰালি, ভকুৱা কোনোৱে পাইছে সৰু মাছ। কিন্তু সৰু মাছ পালেও তেওলোকৰ নাই কোনো আক্ষেপ। মাছেৰে এসাজ জুতি লগাই খাবলৈ এনেদৰে মৎস্য চিকাৰ এইসকল লোকৰ।

প্ৰতিবছৰে বিভিন্ন জনগোষ্ঠীৰ লোক আহে এই তাৰং নৈত মাছ মাৰিবলৈ। শ্লু’ইছ গেট খুলি দিয়াৰ দিনাই এনেদৰে নৈত নামি লগেভাগে মাছ ধৰে এইসকল লোকে। দেওবাৰে পুৱাই মৎস্য চিকাৰৰ বাবে তাৰং নৈত সমাগম হয় অজস্ৰ লোকৰ। কোকৰাঝাৰ জিলাৰ ওচৰ চুবুৰীয়া গাঁও সমূহৰ পৰাও মৎস্য চিকাৰ কৰিবলৈ আহিল বহু লোক। ক’লে মাছ মৰাৰ আনন্দৰ কথা।

এনেদৰে প্ৰতি বছৰৰ দৰে এইবাৰো কোকৰাঝাৰৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ কৰি এইসকল লোকে অব্যাহত ৰাখে সমন্বয়ৰ এই যাত্ৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...