COCA COLAই ৰ’ণাল্ডোক চেক্ দিয়া বন্ধ কৰিলে নেকি? ছ’চিয়েল মিডিয়াত সমালোচনা!

গুৱাহাটী, ১৮ জুন, NKTV: COCA COLAক লৈ বিৰূপ মন্তব্য কৰি সমালোচনাৰ সম্মুখীন হৈছে বিশ্বৰ জনপ্ৰিয় ফুটবল তাৰকা ক্ৰিষ্টিয়ান ৰ’ণাল্ডো। সোমবাৰে EURO 2020ৰ প্ৰেছ কনফাৰেঞ্চৰ সময়ত খেলুৱৈ জনে টেবুলত থকা COCA COLAৰ বটল আঁতৰাই এটা পানী বটল তুলি লোৱা পৰিলক্ষিত হৈছিল। ৩৬ বছৰীয়া ফুটবল খেলুৱৈ জনে “COCA COLA,ugh”বুলি কৰা বিৰূপ মন্তব্যটো ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেলো হৈ পৰিছে । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতেই COCA COLA আৰু KFCৰ বাবে খেলুৱৈ জনে পূৰ্বতে কৰা বিজ্ঞাপনসমূহ এতিয়া চোছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। একাংশলোকে ক্ৰিষ্টিয়ান ৰ’ণাল্ডোক সমালোচনা কৰাৰ বিপৰীতে আন একাংশই তেওঁক সমৰ্থন জনাইছে। জেক বাকলেয় নামৰ অষ্ট্ৰেলিয়াৰ এজন জনপ্ৰিয় ইউটিউবাৰে ৰ’ণাল্ডোক ব্যংগাত্মকভাৱে সমালোচনা কৰি টুইট যোগে কয়, “ক্ৰিষ্টিয়ান ৰ’ণাল্ডোয়ে COKE ভাল নাপায় নেকি? হয়তো COCA COLAৰ পৰা তেওঁলৈ চেক অহা বন্ধ হৈ পৰিছে।” ক্ৰিষ্টিয়ান ৰ’ণাল্ডোয়ে COCA COLAকলৈ কৰা এনে বিৰূপ মন্তব্যৰ পিছতেই কোম্পানীটোৱে নিজৰ ব্যৱসায়ত $4 বিলিয়ন টকাৰ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...