মুক্ত সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা: হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পে ৩টা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক প্ৰৱেশত দিলে বাধা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে CNN, MS NOW আৰু POLITICO—এই তিনিটা সংবাদ মাধ্যমক হোৱাইট হাউছত নিষিদ্ধ কৰিছে। অৰ্থাৎ, এই ৩টা আমেৰিকান সংবাদ মাধ্যমে এতিয়া হোৱাইট হাউছত প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকৰ হোৱাইট হাউছত প্ৰৱেশৰ ওপৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জাৰি কৰিছে নিষেধাজ্ঞা।

ট্ৰাম্পৰ অভিযোগ, এই সংবাদমাধ্যমসমূহে দিনৰ পিছত দিন ধৰি ভুৱা, মিছা আৰু কল্পনাপ্ৰসূত বাতৰি প্ৰকাশ কৰি আহিছে। ভৱিষ্যতে আৰু কেইবাটাও সংবাদ মাধ্যমৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে বুলি তেওঁ সকীয়াই দিয়ে।

আমেৰিকাৰ সংবিধানত স্বীকৃত সংবাদ মাধ্যমৰ স্বাধীনতাৰ কথা উল্লেখ কৰি সংশ্লিষ্ট সংবাদ মাধ্যমসমূহে এই নিৰ্দেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব পাৰে বুলি এটা সূত্ৰই দাবী কৰিছে। ট্ৰাম্পেও আশংকা প্ৰকাশ কৰিছে যে তেওঁৰ এই নিষেধাজ্ঞা আদালতে বাতিল কৰিব পাৰে। তথাপিও তেওঁ কয়, “কোনো আদালতে ভুৱা বাতৰি প্ৰচাৰৰ অনুমতি দিব নোৱাৰে বুলি মই ভাবোঁ। যদি কোনোবাই ধাৰাবাহিকভাৱে মিছা কাহিনী প্ৰকাশ কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰাৰ সম্পূৰ্ণ অধিকাৰ থকা উচিত।”

CNN-ৰ হোৱাইট হাউছৰ সাংবাদিক Betsy Klein আৰু MS NOW-ৰ হোৱাইট হাউছৰ সংবাদদাতা Akayla Gardner-এ দুয়োগৰাকীয়ে সম্প্ৰচাৰৰ সময়ত জনায় যে তেওঁলোকক হোৱাইট হাউছত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

Gardner-এ কয় যে এগৰাকী বিষয়াই তেওঁৰ পৰিচয়পত্ৰখন জব্দ কৰে আৰু তেওঁক জনায় যে তেওঁৰ প্ৰেছ বেজটো নিষ্ক্ৰিয় কৰা হৈছে। বিষয়াগৰাকীয়ে লগতে কয় যে এই সিদ্ধান্ত তেওঁৰ ওপৰৰ পৰ্যায়ৰ পৰা লোৱা হৈছে। MS NOW-ৰ এগৰাকী ফটোগ্ৰাফাৰৰ পৰিচয়পত্ৰও নিষ্ক্ৰিয় কৰা হয় বুলি Gardner-এ জানিবলৈ দিয়ে।ইয়াৰ পাছত Politico-ৰ সাংবাদিক Cheyenne Haslett-কো হোৱাইট হাউছত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল।

পূৰ্বেও আমেৰিকাৰ কেইবাটাও সংবাদ মাধ্যম আৰু তেওঁলোকৰ প্ৰতিনিধি ট্ৰাম্পৰ ৰোষত পৰিছিল। ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত CNNৰ সাংবাদিক জিম এক’ষ্টাৰ প্ৰেছ ক্ৰেডেনশিয়েল কাঢ়ি লোৱাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে আদালতে সেই নিৰ্দেশ বাতিল কৰিছিল।

মেক্সিকো উপসাগৰক “গাল্ফ অৱ আমেৰিকা” বুলি উল্লেখ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে সংবাদ সংস্থা Associated Press (AP)-ৰ হোৱাইট হাউছৰ পৰা বাতৰি সংগ্ৰহৰ অধিকাৰো ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত সীমিত কৰি দিয়া হৈছিল। পৰৱৰ্তী সময়ত আদালতে সেই ক্ষেত্ৰতো হস্তক্ষেপ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...