টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। দীৰ্ঘদিন ধৰি অঞ্চলটোত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতে সৃষ্টি কৰি আহিছিল আতংকময় পৰিৱেশ। নাহৰফুটুকীটোৰ আক্ৰমণত পশুধনৰ লগতে বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল পথচাৰী আৰু চাহ বাগিচাৰ শ্ৰমিকসকল।

অঞ্চলটোত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটোক আৱদ্ধ কৰাৰ উদ্দেশ্যে যোৱা ১৬ ছেপ্টেম্বৰত বন বিভাগে স্থাপন কৰিছিল এটা পিঞ্জৰা। অৱশেষত বন বিভাগৰ সেই পিঞ্জৰাতে আৱদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো।

বাঘটোৰ বিচৰণ আৰু আক্ৰমণক লৈ চিন্তিত হৈ পৰা স্থানীয় ৰাইজ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে নাহৰফুটুকীটো পিঞ্জৰাত আৱদ্ধ হোৱাটো এক সকাহৰ খবৰ।

কিন্তু এটা নাহৰফুটুকী আৱদ্ধ হ’লেও অঞ্চলটোত আৰু নাহৰফুটুকী বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে বাগিচাৰ শ্ৰমিকসকলে। ফলত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতক লৈ অঞ্চলটোত এতিয়াও অব্যাহত আছে উদ্বেগ। বন বিভাগে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...