টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। দীৰ্ঘদিন ধৰি অঞ্চলটোত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতে সৃষ্টি কৰি আহিছিল আতংকময় পৰিৱেশ। নাহৰফুটুকীটোৰ আক্ৰমণত পশুধনৰ লগতে বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল পথচাৰী আৰু চাহ বাগিচাৰ শ্ৰমিকসকল।

অঞ্চলটোত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটোক আৱদ্ধ কৰাৰ উদ্দেশ্যে যোৱা ১৬ ছেপ্টেম্বৰত বন বিভাগে স্থাপন কৰিছিল এটা পিঞ্জৰা। অৱশেষত বন বিভাগৰ সেই পিঞ্জৰাতে আৱদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো।

বাঘটোৰ বিচৰণ আৰু আক্ৰমণক লৈ চিন্তিত হৈ পৰা স্থানীয় ৰাইজ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে নাহৰফুটুকীটো পিঞ্জৰাত আৱদ্ধ হোৱাটো এক সকাহৰ খবৰ।

কিন্তু এটা নাহৰফুটুকী আৱদ্ধ হ’লেও অঞ্চলটোত আৰু নাহৰফুটুকী বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে বাগিচাৰ শ্ৰমিকসকলে। ফলত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতক লৈ অঞ্চলটোত এতিয়াও অব্যাহত আছে উদ্বেগ। বন বিভাগে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...