শিলচৰলৈ এদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি শিলচৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ যাব মুখ্যমন্ত্ৰীগৰাকী। পুৱা ১০ বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত অবতৰণ কৰিব৷ বিমানবন্দৰৰ পৰা পোনে পোনে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কেথ লেব উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে হাস্পতালখনৰ চিকিত্সা বিষয়া আৰু বিশেষজ্ঞ চিকিত্সকৰ সৈতে বিভিন্ন সা-সুবিধা, আন্তগাঁথনি আৰু শেহতীয়া পৰিস্থিতিৰ বুজ ল’ব। শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসত ভাগ ল’ব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে দুপৰীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ জিলাখনৰ সমস্যাৰাজীৰ বুজ ল’ব। পৰ্যালোচনা বৈঠকৰ পিছতে আবেলি পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীৰ পৰা অহাৰ পিছত আজি শিলচৰলৈ ৰাওনা হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...