অসমত বিজেপি জয়ী হোৱাৰ একমাত্ৰ কাৰণ মোদী : মুখ্যমন্ত্ৰী

অসমৰ জনতাই ভোট নিদিয়ে হিমন্ত বিশ্ব শৰ্মাক। মু্খ্যমন্ত্ৰী হিমন্ত বিশ্বই অসমত জয়ীও কৰোৱাব নোৱাৰে বিজেপিক। এই কথা নিজ মুখে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই শৰ্মাক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

অসমৰ জনতাই ভোট নিদিয়ে হিমন্ত বিশ্ব শৰ্মাক
সাংবাদিকৰ সন্মুখত অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে ভোট খুজি জয়ী কৰাবও নোৱাৰে বিজেপিক

অসম বিজেপিৰ সংখ্যাৰেই ৪৪লাখ কৰ্মকৰ্তাৰ যেন কষ্ট, চেষ্টা অনৰ্থক। অৰ্থহীন বিধায়ক-সাংসদ-মন্ত্ৰী-মুখ্যমন্ত্ৰীৰ মুখ, প্ৰচাৰ। সেইবোৰে অসমত বিজেপিক কেতিয়াও জয়ী কৰোওৱা নাছিল ভৱিষ্যতেও নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ক’লে, অসমত বিজেপি জয়ী হোৱাৰ একমাত্ৰ কাৰণ মোদী।

মোদীৰ মুখেই জয়ী কৰোৱাই বিজেপিক
সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল তিনি ৰাজ্যত বিজেপিৰ জয়ৰ কৃতিত্ব কাৰ। উত্তৰত মুখ্যমন্ত্ৰীয়ে ক’লে –

অসমতো মোদী ডাঙৰীয়াৰ কাৰণেই ভোট পাম
স্বীকাৰোক্তি হিমন্ত বিশ্বৰ
‘হিমন্ত বিশ্ব শৰ্মাক চাই কোনেও ভোট নিদিয়ে’

এই মন্তব্যৰ উদ্ধৃতি দিয়েই প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আচল কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈ দিলে।

অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ
‘মোৰ নামত নিৰ্বাচন নহয়’
‘মই জিকাব নোৱাৰো’
জিকিলে সমষ্ট কৃতিত্ব মোদী ডাঙৰীয়াৰ

সমালোচনা ভূপেন বৰাৰ। হয়তো মোদীক ভালৰি লগাবলৈকে নাইবা মোদী ঢৌ যাতে ২৪ৰ পূৰ্বে পূৰ্ণগতিত অসমত বলে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সেই কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সুযোগ ভূপেন বৰালৈ। এই কথাৰে যেন মুখ্যমন্ত্ৰীয়ে বুজালে অসমত বিজেপি জিকিব। অসমত হিমন্ত বিশ্ব নাইবা আন কোনোবা মুখ্যমন্ত্ৰী হ’ব। অসমত লোকসভা নিৰ্বাচনত বিজেপিৰ যি ফলাফল হ’ব সেয়া কেৱল মোদীৰ নামত। কেৱল মোদীৰ নামত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...