ৰঙাঘৰেই হ’ব সুদখোৰৰ শেষ আশ্ৰয়

সাৱধান সুদখোৰ!
সুদখোৰক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ
ৰঙাঘৰেই হ’ব সুদখোৰৰ শেষ আশ্ৰয়
অধিক তীব্ৰতৰ হ’ব সুদখোৰ বিৰোধী অভিযান
চৰকাৰৰ পদক্ষেপক প্ৰশংসা বদৰুদ্দিন আজমলৰো

ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত অসম আৰক্ষীৰ অপাৰেশ্যন সুদখোৰ। এসপ্তাহত ৰঙাঘৰৰ আলহী হ’ল দুইশতাধিক সুদখোৰ। সুদলৈ ধন দি ৰাইজৰ তেজ খোৱা সুদখোৰ এতিয়া বিভিন্ন জে’ল হাজোতৰ আলহী। আৰক্ষীৰ তীব্ৰতৰ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মাটি দালালৰ দৰেই দশা হ’ব ৰাজ্যৰ প্ৰতিটো সুদখোৰৰ।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ সমান্তৰালকৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও সুদখোৰ সকলক দিছে কঠোৰ সকীয়নি। মুখ্যমন্ত্ৰী, ডিজিপিৰ এনে কঠোৰ নিৰ্দেশত এতিয়া ৰাজ্যত তীব্ৰতৰ হৈছে সুদখোৰৰ বিৰুদ্ধে অভিযান। বিগত ২৪ ঘণ্টাতে ৰাজ্যত গ্ৰেপ্তাৰ একুৰিৰো অধিক সুদখোৰ। বৰপেটাৰ হাউলীত গ্ৰেপ্তাৰ ৫ সুদখোৰক। আৰক্ষীৰ জালত দাবালীয়াপাৰাৰ শ্বহৰ আলী, কদমগুৰীৰ আব্দুল খালেক,ফজল হ’ক খন্দকাৰপাৰাৰ ছংছেৰ আলী আৰু বৰবালাৰ শ্বফিকুল ইছলাম । ধৃত ৫ সুদখোৰক জে’ললৈ প্ৰেৰণ আৰক্ষীৰ।

শোণিতপুৰত সুদখোৰৰ বিৰুদ্ধে ব্যাপক অভিযান। তেজপুৰ বেবেজীয়া মিছামাৰিৰ পৰা ৪ সুদখোৰ আটক। হাইলাকান্দিৰ কাটলিছেড়াত আৰক্ষীৰ জালত সুদখোৰ সাহানুৰ সাহা মজুমদাৰ। সুদখোৰটোৰ পৰা ৫ লাখ ৭৩ হাজাৰ টকাৰ লগতে এখন ব্লেংক চেকো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কাছাৰত মহিলা সহ পাঁচ সুদখোৰ গ্ৰেপ্তাৰ। জব্দ নগদ ধন সহ সোণৰ আ অলংকাৰ । ধৃত সুদখোৰ কেইটা চাহিদ আহমেদ মজুমদাৰ, হেনা বেগম মজুমদাৰ, দিলবাহাৰ আলম চৌধুৰী, খাইৰুল হাচান লস্কৰ আৰু ৰিংকু মোহন নাথ। ধৃত আটাইকেইজনক আৰক্ষীৰ জেৰা অব্যাহত। এনেদৰে অৰক্ষীৰ ধাৰাৱাহিক অভিযানত ইটোৰ পিছত সিটো সুদখোৰ জালত পৰাৰ সময়তে চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লৈছে AIUDFপ্ৰধান বদৰুদ্দিন আজমলে।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ৰাজ্যৰ ভিন্ন স্থানত দলং–সংগঠনেও স্থানীয় সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জনাইছে আহ্বান। জামুগুৰিহাট,কুসুমটোলা আৰু ধলাইবিল অঞ্চলত এতিয়া দপদপাই থকা সুদখোৰৰ বিৰুদ্ধে ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে জাতীয়তাবাদি যুৱছাত্ৰ পৰিষদে। অত্যাধিক সুদ লৈ ৰাইজক হাৰাশাস্তি কৰা সুদখোৰৰ এতিয়া এনেদৰেই বাজিছে বিপদঘণ্টা। শীঘ্ৰে এনে ক’লা বেহা বন্ধ নকৰিলে সকলোৱেই হ’ব ৰঙাঘৰৰ আলহী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...