সুৰাপায়ী, ষ্টান্ট কৰা চালক আৰু স্পীড লিমিট নমনাসকলৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

■ নিশা ১০ বজাৰ পাছত সুৰাপান কৰি গাড়ী চলোৱা চিনাক্ত কৰিবলৈ কঠোৰ পৰীক্ষা চকীৰ বলৱৎ কৰা হ’ব। গুৱাহাটীত এই ব্যৱস্থা বিশেষভাৱে ৰূপায়ণ কৰা হ’ব।
■ মাঘ বিহুলৈকে এক বলিষ্ঠ পথ সুৰক্ষা অভিযান আৰু নিৰীক্ষণ বলৱৎ কৰা হ’ব।
■ বাইক ষ্টাণ্ট কৰা সকলক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ।
■ আবকাৰী বিভাগে বাৰ বন্ধ কৰাৰ সময় সম্পর্কীয় নীতি সম্পর্কে অন্বেষণ কৰি ঋতু অনুসৰি ইয়াক বলৱৎ কৰাৰ ব্যৱস্থা কৰিব।
■ বনভোজস্থলীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো অংশীদাৰকে সামৰি এক SOP প্রকাশ কৰা হ’ব।
■ বর্ধিত দুর্ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে গুৱাহাটী বাইপাছৰ স্ট্রীটলাইট, ফুট অভাৰব্ৰীজ, ৰিফ্লেক্সন পেটচ্ আদি স্থাপনৰ কাম ত্বৰান্বিত কৰা হ’ব।
■ লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ কাৰ্যপ্ৰণালীত স্পীড ব্ৰেকাৰ নিৰ্মাণ, ক্ৰেছ বেৰিয়াৰ, ছাইনেজ, ফ্ল’ৰ’চেণ্ট লাইটৰ অন্তর্ভুক্তিকৰণৰ ব্যৱস্থা।
■ বাণিজ্যিক ট্রাক আৰু বাহনৰ পিছফালে ৰিফ্লেক্টিভ পেটচ্ লগোৱাটো কাৰ্যকৰী কৰিবলৈ সীমান্ত জিলাৰ আৰক্ষী অধীক্ষকসকললৈ বিশেষ নির্দেশনা প্রদান।
■ আৰক্ষী আৰু জিলা প্রশাসনে সাধাৰণ ৰাইজৰ মাজত সজাগতা আনিবলৈ সামাজিক মাধ্যমত ব্যাপক পথ সুৰক্ষা অভিযান চলাব।
■ বাণিজ্যিক বাহনৰ চালকসকলৰ দৃষ্টি পৰীক্ষা কৰিব লাগিব আৰু চিকিৎসাৰ সুবিধাৰ লগতে সংশোধনমূলক ব্যবস্থা গ্রহণ কৰা হ’ব।
■ সকলো মুখ্য চহৰত ষ্ট্ৰীটলাইট স্থাপন মিছন মোডত সম্পন্ন কৰিব লাগিব।
■ যিকোনো ৰাজহুৱা অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে পথ সুৰক্ষা ভিডিঅ’/নাটক প্রদর্শন কৰিব লাগিব।
■ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহ দুর্ঘটনাত পতিত লোকসকলক যথা সম্ভৱ যত্ন প্রদান কৰিবলৈ সাজু থাকিব।
■ অপ্রীতিকৰ পৰিস্থিতিত চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চিকিৎসা মহাবিদ্যালয়/চিকিৎসালয়ত সুৰক্ষা বৃদ্ধি কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...