UNICEF-CDPS মিডিয়া এৱাৰ্ডচ ২০২৫: অসমত শিশুৰ সমস্যাসমূহৰ প্ৰতিবেদনত উৎকৃষ্টতাক স্বীকৃতি

ইউনিচেফ অসম আৰু চেন্টাৰ ফৰ ডেভেলপমেন্ট এন্ড পিচ ষ্টাডিজে (CDPS) ইউনিচেফ-চিডিপিএছ মিডিয়া এৱাৰ্ড ২০২৫ প্ৰদান কৰাৰ ঘোষণা কৰিছে। এই সন্মানীয় বঁটা কাৰ্যসূচীয়ে অসমৰ সেই সাংবাদিকসকলক স্বীকৃতি দিব বিচাৰিছে যিসকলে শিশুৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰৰ বিষয়ে সজাগতা আৰু বুজাবুজি বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

প্ৰিণ্ট, ইলেক্ট্ৰনিক আৰু ডিজিটেল মাধ্যমক প্ৰতিনিধিত্ব কৰা তথা অসমত বাস কৰা ২৫-৩৫ বছৰ বয়সৰ কৰ্মৰত সাংবাদিকসকলৰ বাবে এই বঁটা মুকলি কৰা হৈছে।

নিম্নলিখিত বিষয়ৰ প্ৰতিবেদন বিবেচনা কৰি তিনিটা বঁটা প্ৰদান কৰা হ’ব:

  • বাল্য বিবাহ প্ৰতিৰোধ
  • ছোৱালীৰ শিক্ষা ধাৰাবাহিকতাৰ ওপৰত সামাজিক সুৰক্ষা আঁচনিসমূহৰ ইতিবাচক প্ৰভাৱ
  • যিসকল প্ৰভাৱশালী ব্যক্তিয়ে শিশুৰ বাবে ক্ষতিকাৰক সামাজিক ব্যাধিবোৰ বিৰুদ্ধে কাম কৰিছে

যোগ্যতাৰ চৰ্তাৱলী:

  • আবেদনকাৰীসকল অসমত বাস কৰা সাংবাদিক হ’ব লাগিব।
  • বঁটা সমূহ মূলসুঁতিৰ প্ৰিণ্ট, ইলেক্ট্ৰনিক আৰু ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ বাবে মুকলি।
  • আবেদনকাৰীৰ বয়স ২৫ ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগে।
  • চৰকাৰী/অৰ্ধ-চৰকাৰী/স্বায়ত্তশাসিত সংস্থা/বোৰ্ড/নিগম/পৰিষদৰ কৰ্মচাৰী (স্থায়ী, অস্থায়ী বা ঠিকাভিত্তিক) আবেদন কৰিবলৈ যোগ্য নহয়।
  • ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক থকা আবেদনকাৰীক অযোগ্য ঘোষণা কৰা হ’ব।

আবেদনৰ প্ৰয়োজনীয়তাসমূহ:

  • প্ৰাৰ্থীৰ সম্পূৰ্ণ বায়ডাতা
  • শিশুৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ ওপৰত প্ৰিণ্ট, ইলেক্ট্ৰনিক বা ডিজিটেল মাধ্যমত নিম্নতম পাঁচটা প্ৰকাশিত কাম সহ এটা পৰ্টফলিঅ’, বিশেষকৈ ওপৰত উল্লেখ কৰা বিষয়বোৰৰ সন্দৰ্ভত । দাখিল কৰা নমুনাবোৰৰ প্ৰকাশ/সম্প্ৰচাৰ ১ জানুৱাৰী ২০২৩-ৰ পাছত হ’ব লাগিব।
  • মিডিয়া হাউচ/ডিআইপিআৰ অসম-জাৰী কৰা পৰিচয় পত্ৰৰ ফটোকপি
  • ফ্ৰীলেন্সাৰসকলে তেওঁলোকৰ প্ৰকাশিত কামৰ প্ৰমাণ প্ৰদান কৰিব লাগিব

নিৰ্বাচন:

এক বিশিষ্ট বাছনি সমিতিয়ে গভীৰতা, মৌলিকতা, সৃজনশীলতা, পেছাদাৰীতা আৰু সাংবাদিকৰ কামৰ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি আবেদন পত্ৰসমূহ মূল্যাঙ্কন কৰিব।

বঁটাৰ বাবে বাচনি কৰা আৱেদনকাৰীসকলক ইমেইল/ফোনৰ দ্বাৰা জাননী দিয়া হ’ব আৰু ঘোষণাৰ এসপ্তাহৰ ভিতৰত তেওঁলোকে বঁটা গ্ৰহণ কৰাতো নিশ্চিত কৰিব লাগিব।

মূল তাৰিখসমূহ:

  • আবেদন পত্ৰ দাখিলৰ সময়সীমা: ১৫ জানুৱাৰী ২০২৫
  • বঁটা প্ৰদান অনুষ্ঠান: ২৪ জানুৱাৰী ২০২৫

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি ৮৮৭৬১৪৭৮৯০ সৈতে যোগাযোগ কৰক বা mediaawards2025@gmail.com ইমেইল কৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...