গাখীৰ কঢ়িওৱা চাইকেল উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

উদ্ভাৱনীমূলক চিন্তাৰে আগুৱাই যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে নিৰ্মাণৰত উৰণ সেঁতু

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট আৱৰ্ত্ত ভৱনত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰাতঃ জলপানত মিলিত হৈ অন্তৰংগ আলাপ কৰে।

অন্তৰংগ আলাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰচুৰ সম্ভাৱনীয়তা নিহিত হৈ থাকে। এই সম্ভাৱনীয়তা বিকশাই তোলাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এক নির্দিষ্ট লক্ষ্য লৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি তেওঁ কয়। বর্তমান যুগ প্রতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি তেওঁ কয় যে, এই প্রতিযোগিতাত সফলতা লাভ কৰিবলৈ হ’লে উদ্ভাৱনী চিন্তাৰে আগুৱাই যাব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে, আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিক জীৱনৰ অংগ হিচাপে লৈ নিজকে বিকশাই তোলাৰ বাবে সৰ্বাত্মক প্রয়াস চলাব লাগিব।

কৃত্রিম বুদ্ধিমত্তাই সকলো ক্ষেত্ৰতে এক নতুন পৰিৱৰ্তনৰ ধাৰা সূচনা কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কৃত্রিম বুদ্ধিমত্তাকে ধৰি আধুনিক প্ৰযুক্তিৰ জ্ঞান আহৰণ কৰি জীৱনৰ বাটত উজলি উঠিব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আজি দেশৰ শিক্ষা ব্যৱস্থাটোক পৰিৱৰ্তনমুখী পথেৰে আগুৱাই নিয়াৰ দিশত এক পৰিৱেশ নিৰ্মাণ কৰিছে। মুখ্যমন্ত্ৰীয়ে অন্তৰংগ আলাপৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰো দিয়ে। আনহাতে, ছাত্র-ছাত্রীসকলেও স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰখনে লোৱা পদক্ষেপৰ বাবেও মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ এই বাৰ্তালাপৰ সময়ত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদসকল ক্ৰমে তপন কুমাৰ গগৈ, পৱিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্রসাদ তাছা, বিধায়কসকল ক্রমে হিতেন্দ্র নাথ গোস্বামী, ভৱেন ভৰালী, ভাস্কৰ বৰুৱা, ৰূপজ্যোতি কুৰ্মী, ঠেঙাল স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ প্রতাপ কছাৰী, জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে।

আনহাতে মুখ্যমন্ত্ৰীয়ে আজি যোৰহাট আৱৰ্ত্ত ভৱনৰ চৌহদত গছপুলি ৰোপণ কৰে। মুখ্যমন্ত্ৰীয়ে মৰমৰ যোৰহাটৰ অধীনত সূচনা কৰা দুগ্ধ কঢ়িওৱা চাইকেলো শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সন্মুখত নির্মীয়মান যোৰহাট-কমাৰবন্ধা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰো অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সময়োচিতভাৱে এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...