মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ১০ জুন, NKTV: ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালৰ প্ৰথম মাহপূর্তিৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিখন আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই উপলক্ষে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়ােজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ত পিতৃ-মাতৃৰ মৃত্যু হােৱা কিছুসংখ্যক হিতাধিকাৰীক বিত্তীয় সাহায্যৰ ধনৰাশিৰ প্রথম মাহৰ সাহায্যৰ চেক, ম্যাদী জমাৰ প্ৰমাণ পত্র, একোটাকৈ লেপটপ আৰু উপহাৰৰ টোপােলা প্রদান কৰে। উল্লেখ্য যে, এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ নামত ৰাজ্য চৰকাৰে বেংকত ৭,৮১,২০০ টকাৰ ধনৰাশি ম্যাদী জমা কৰিব। এই ম্যাদী ধনৰাশিৰ সুদৰ পৰা হিতাধিকাৰীগৰাকীয়ে ২৪ বছৰ নােহােৱাপর্যন্ত প্রতি মাহে ৩৫০০ টকাৰ বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব। হিতাধিকাৰীগৰাকীৰ ২৪ বছৰ সম্পূৰ্ণ হ’লে এই জমাকৃত ম্যাদী ধনৰাশিৰ মূলধন প্ৰতিগৰাকী হিতাধিকাৰীৰ নিজৰ একাউন্টলৈ হস্তান্তৰিত কৰা হ’ব। কেন্দ্র মােদী চৰকাৰৰ ৭ বছৰ সম্পূর্ণ হােরা উপলক্ষে যােৱা ২৯ মে’ত মুখ্যমন্ত্রী ড° শর্মাই এই আঁচনিখন ঘােষণা কৰিছিল আৰু ঘােষণা কৰাৰ ১০ দিনৰ ভিতৰতে আজি এই আঁচনিখনৰ অধীনত হিতাধিকাৰীসকললৈ বিত্তীয় সাহায্য প্রদান কৰা হয়। ভাষণ প্রসংগত ড° শৰ্মাই কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্রথম মাহ সম্পূর্ণ কৰাৰ এই শুভক্ষণত এই আঁচনিখন আজি শুভাৰম্ভ কৰিছে। ক’ভিডৰ ফলত নিজৰ পিতৃ-মাতৃক হেৰুওৱা ল’ৰা – ছােৱালীসকললৈ চৰকাৰখনে কিছু সহায়ৰ হাত আগবঢ়াব পাৰি যথেষ্ট সুখী বুলিও তেওঁ কয়। এই আঁচনিখনে পিতৃ-মাতৃহীন এই হিতাধিকাৰীসকলক এক মর্যাদাসম্পন্ন জীৱন-যাপন কৰি নিজৰ ভৱিষ্যত গঢ় দিয়াৰ দিশত বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ কয়। এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ২০০০ টকাৰ সাহায্যসহ প্ৰতিগৰাকী শিশুক ৩৫০০ টকাকৈ প্রতিমাহে প্রদান কৰিব। কোনাে অভিভাৱক নােহােৱা ১০ বছৰ তলৰ শিশু আৰু বয়ােঃসন্ধিকালৰ কন্যাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই শিশুসকলক যিকোনাে শিশু সেৱা প্রতিষ্ঠানত ভর্তি কৰিব আৰু তেওঁলােকৰ শিক্ষা ব্যয়ৰ লগতে অন্যান্য খা-খৰছো বহন কৰিব। মাউৰা বয়ােঃসন্ধিকালৰ কন্যাসকলৰ বাবে চৰকাৰে এক প্রতিষ্ঠিত প্রতিষ্ঠানত ৰখাৰ ব্যৱস্থা কৰিব যাতে এই শিশুসকলৰ পৰিচর্যা আৰু সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। তেনে এক আবাসিক বিদ্যালয় হ’ল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। এই আঁচনিৰ অধীনত চৰকাৰে বিবাহৰ সময়তাে বিত্তীয় সাহায্য প্রদান কৰিব। আঁচনিখনৰ অধীনত প্ৰতিগৰাকী ছােৱালীক বিবাহৰ সময়ত ‘অৰুন্ধতী’ আচনিৰ জৰিয়তে এক তােলাকৈ সােণৰ লগতে ৫০ হাজাৰ টকাৰ বিত্তীয় সাহায্য আগবঢ়াব। এই শিশুসকলৰ দক্ষতা তথা বৃত্তিগত প্রশিক্ষণৰ দিশত সহায়ক হােৱাকৈ চৰকাৰে বিদ্যালয়লৈ যােৱা অথবা মহাবিদ্যালয়লৈ যােৱা শিশুসকললৈ একোটিকৈ লেপটপ অথবা টেবলেট প্রদান কৰিব। আঁচনিখনে সামৰা সকলাে ছাত্র-ছাত্রীকে দক্ষতা ভিত্তিক শিক্ষা আৰু দক্ষতা বিকাশৰ প্রশিক্ষণ প্রদান কৰা হ’ব। আনহাতে ক’ভিডত নিজৰ স্বামীক হেৰুওৱা বিধৱা মহিলাসকলৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই আন এখন আঁচনিৰ কথা আজি ঘােষণা কৰিছে। এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে ক’ভিডত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হােৱা প্ৰতিগৰাকী মহিলালৈ এককালীন ২.৫ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াব। তদুপৰি এই বিধৱা মহিলাসকলে ‘অৰুণােদয়’ আঁচনিৰ সা-সুবিধা আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত বিধৱা পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...