বুকুত গুলিয়াব নালাগে, ভৰিত গুলিয়াবলৈ আইনে দিছে : মুখ্যমন্ত্রী

0 9

গুৱাহাটী, ৫ জুলাই, NKTV: এখন অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিলে আৰক্ষীক। আজি কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অসমৰ সকলো ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে কেইবাটাও কঠোৰ পদক্ষেপ। প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ল ভাৰপ্ৰাপ্ত বিষয়াসকল। এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকে মুঠ ১১৯ জন ইন্সপেক্টৰকে ধৰি ১৯৭ জন SI আৰু মুঠ ৩১৬ জন আৰক্ষী বিষয়া। বৈঠকত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, জি পি সিং, হৰমিত সিং, হীৰেন নাথৰ লগতে অসম আৰক্ষীৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া।

এতিয়াৰে পৰা থানাৰ প্ৰতিটো গোচৰৰ দায়িত্ব OC সকলক প্ৰদান কৰা হৈছে। প্ৰতিটো গোচৰ Conviction কৰাৰ দায়িত্ব OC সকলে পালন কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে নিম্ন আৰক্ষী সকলৰ লগত সু-সম্পৰ্ক গঢ়ি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিলে।

আনহাতে প্ৰতি দুই বছৰৰ অন্তৰে অন্তৰে OC সকলক বদলি কৰা হ’ব। পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিহে OC সকলক বদলি কৰা হ’ব। মুখ্যমন্ত্ৰীজনে কয় যে, ‘অসম আৰক্ষীক আমি এটা professional organisation হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ’। বেয়া কাম কৰি যোৱাটো আৰক্ষীৰ বিফলতা বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীজনে। দুৰ্নীতি হোৱা মানে OCয়ে কম্প্ৰমাইজ কৰিছে বুলিও তেওঁ মন্তব্য কৰি লগতে কয় যে “ৰাইজে গম পায়, আৰক্ষীয়ে গম নাপায় আচৰিত কথা” বুলি সমালোচনা কৰা পৰিলক্ষিত হ’ল। শীৰ্ষ আৰক্ষী বিষয়াক তেল ভৰাই দিয়া, চাহ খুওৱাটো OCৰ কাম নহয় বুলিও তেওঁ ভাষণৰ মাজত প্ৰকাশ কৰিলে।

থানাৰ মাল খানাৰ বহী ৰখা ব্যৱস্থাটোকলৈও মুখ্যমন্ত্ৰীয়ে সলনি কৰিলে নিয়ম। এতিয়াৰে পৰা থানাৰ মাল খানাৰ দুখন বহী ৰখাটো নিয়ম নহয়, বহি এখন হ’ব লাগিব বুলি তেওঁ নিৰ্দেশ প্ৰদান কৰিলে। লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘বহুতে কয় আৰক্ষীয়ে বহু ঠাইত গুলীয়াইছে মই কওঁ, সেইটোহে style হ’ব লাগে। বুকুত গুলিয়াব নালাগে, ভৰিত গুলিয়াব আইনে দিছে।’

যিবোৰ থানাত মাটি আছে, তেওঁলোকৰ তাত এজন OC আৰু চাৰিজন SI থাকিব পৰাকৈ কোৱাৰ্টাৰ বনোৱাৰ ব্যৱস্থা কৰি দিব অসম চৰকাৰে। অসমৰ যিবোৰ থানাত Generator নাই সেইবোৰ থানাত Generator দিয়াৰ ব্যৱস্থা কৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে জানিব দিয়ে। ইয়াৰ উপৰিও অপৰাধীয়ে জামিন নাপাবলৈও মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে বিশেষ ব্যৱস্থা। এতিয়াৰে পৰা অপৰাধীয়ে সহজে জামিন নাপাবলৈ থানাসমূহত Professional PPৰ ব্যৱস্থা কৰিব অসম চৰকাৰে।

Leave A Reply

Your email address will not be published.