আহি আছে কাজল আগৰৱালৰ নতুন ছবি ‘উমা’

গুৱাহাটী, ৫ জুলাই, NKTV: অভিনেত্ৰী কাজল আগৰৱাল বৰ্তমান ব্যস্ত এখন ফেমিলী ড্ৰামাকলৈ। তথাগত সিঙৰ নতুন চলচ্চিত্ৰ ‘উমা’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব লগীয়া অভিনেত্ৰী গৰাকীয়ে কলকাতাত ‘উমা’ শীৰ্ষক ছবিখনৰ দৃশ্যগ্ৰহণ কাম ইতিমধ্যে আৰম্ভ কৰিছে। ভাৰতীয় চলচ্চিত্ৰ সমালোচক আৰু বাণিজ্য বিশ্লেষক তৰণ আদৰ্শই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে এই খবৰ।

ছুটিং আৰম্ভ হোৱাৰ পূৰ্বেই এই ছবিখন feel-good ড্ৰামা হিচাপে বিবেচিত হৈছে। এটা অভিজাত পৰিয়ালৰ বিবাহৰ পটভূমিৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। ক’ভিড স্বাস্থ্যবিধি মানি AVMA MEDIAৰ অভিশেক ঘোষ আৰু MIRAJ GROUPৰ মন্ত্ৰৰাজ পালিৱালৰ দ্বাৰা প্ৰযোজিত ‘উমা’ৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে।

২০০৪ চনত বলীউডত নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰা কাজলে বহু বছৰ ধৰি তামিল, তেলেগু আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অন্যতম আকৰ্ষণীয় অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে। উমা শীৰ্ষক তথাগত সিঙৰ নিৰ্মীয়মান ছবিখনকলৈ অত্যন্ত সুখী অভিনেত্ৰী গৰাকী। উল্লেখ্য যে, কাজলক শেষবাৰৰ বাবে Disney+ Hotstar ছিৰিছ  ‘লাইভ টেলিকাষ্ট’ত দেখা পোৱা গৈছিল।

‘উমা’ৰ উপৰিও, কাজলৰ হাতত বৰ্তমান কেইবাখনো ছবিৰ কাম আহিছে। ইয়াৰ ভিতৰত দক্ষিণৰ কেইবাখনো চলচ্চিত্ৰ আছে। দুলকুৱেৰ চলমানৰ ‘হে চিনামিকা’, চিৰঞ্জীৱীৰ ‘আচাৰ্য’, এটা কাল্পনিক ভৌতিক-থ্ৰিলাৰ ‘ঘোষ্টি’ ইত্যাদি ছবিৰ বাবে অভিনেত্ৰী গৰাকী চুক্তিবদ্ধ হৈছে বুলি জানিব পৰা গৈছে। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...