আপুনি-মই খাই ভাল পোৱা আমেও সুদৃঢ় কৰিব পাৰে বৈদেশিক সম্পৰ্ক!

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ ‘আম ৰাজনীতি’
লক্ষ্য ভাৰতৰ সৈতে সম্পৰ্ক উন্নীতকৰণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পঠিয়ালে আম
২৬০০ কিলো আম লৈ ভাৰত পালেহি বাংলাদেশৰ ট্ৰাক

গুৱাহাটী, ৪ জুলাই, NKTV: ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা নেতৃত্বাধীন বাংলাদেশৰ। এই সম্পৰ্কক আৰু সুদৃঢ় কৰাৰ প্ৰয়াস চলাইছে আৱামী লীগৰ নেত্ৰী শ্বেখ হাছিনাই। সেই উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ হাছিনাই পঠিয়াইছে ট্ৰাকভৰ্তি আম। প্ৰায় ২৬০০ কিলো আম লৈ ইতিমধ্যে সীমান্ত পাৰ হৈছে বাংলাদেশৰ ট্ৰাক।

হাছিনাই পঠিওৱা আমৰ ভিতৰত আছে উৎকৃষ্ট প্ৰজাতিৰ আম
হাৰিভাঙা প্ৰজাতিৰ সুস্বাদু আম পঠিয়াইছে মোদী-মমতালৈ
দেওবাৰে দুপৰীয়া বংগৰ বেনাপোল স্থলবন্দৰেদি ভাৰতলৈ আহে আম

দেওবাৰে দুপৰীয়া ১২ বজাত বেনাপোল স্থলবন্দৰেদি সীমান্তত আহি উপস্থিত হয় শ্বেখ হাছিনাৰ আম লৈ বাংলাদেশৰ ট্ৰাক। এই আমখিনি ভাৰতৰ কলকাতাত নিযুক্ত বাংলাদেশৰ প্ৰথম সচিব ছানিউল কাদেৰে চমজি লয়। বেনাপোল স্থলবন্দৰত আনুষ্ঠানিকতা সম্পন্ন কৰি ট্ৰাকভৰ্তি আম আহে কলকাতালৈ। আমখিনিৰ অৰ্ধেক মমতা বেনাৰ্জীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে অৰ্ধেক আম বিমানযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে প্ৰেৰণ কৰা হয় নতুন দিল্লীলৈ। ভৱিষ্যতে এই আমৰ ৰাজনীতিয়ে কি ফল ধৰে সেয়া হ’ব লক্ষ্যণীয়।

জাহাংগীৰ খান বাবু, ঢাকা, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...