হাইলাকান্দি জিলাৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

বৰাক উপত্যকাৰ বিকাশত নতুন মাত্রা সংযোজনেৰে কাছাৰ আৰু হাইলাকান্দি জিলাত ৭৬৭ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীয়ে জল জীৱন মিছন, অসমৰ অধীনত ৮টা বিধানসভা সমষ্টিত ৭৫ খন আঁচনিৰ শুভাৰম্ভ কৰিলে

হাইলাকান্দি জিলাৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

বৰাক উপত্যকাত বিকাশৰ গংগা প্ৰৱাহিত হৈ থাকিব : মুখ্যমন্ত্রী

বৰাক উপত্যকাৰ বিকাশৰ দিশত এক নতুন মাত্রা সংযোজনেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে আজি ৭০ কোটি টকা ব্যয় সাপেক্ষে জলজীবন মিছন, অসমৰ অধীনত ৮ টা বিধানসভা সমষ্টি সামৰি ৭৫খন আঁচনিৰো শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰীয়ে আজি ৫৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪ টা প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে ২২৯ কোটি টকা ব্যয় সাপেক্ষে ৫ টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীৰ দ্বাৰা সৰ্বমুঠ ৭৬৭ কোটি টকা ব্যয় সাপেক্ষে এই প্রকল্পসমূহৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপনে বৰাক উপত্যকাৰ বাবে বিকাশৰ এক নতুন বার্তা কঢ়িয়াই আনিছে।

উল্লেখ্য যে, মুখ্যমন্ত্রীয়ে আজি ৪৮ কোটি টকা ব্যয় সাপেক্ষে সংহত কাছাৰ জিলা আয়ুক্ত কার্যালয়, ১৬ কোটি টকা ব্যয় সাপেক্ষে সন্মিলন কেন্দ্র, ২১০ কোটি টকা ব্যয় সাপেক্ষে ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰখলা- কালাইন পথৰ বিকাশ আৰু উন্নীতকৰণ আৰু ২৬৪ কোটি টকা ব্যয় সাপেক্ষে ২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ চেঁচাবাৰী- হাইলাকান্দি দ্বাৰবন্দ পথৰ উন্নয়ন আৰু উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে আজি ৫৮ কোটি টকা ব্যয় সাপেক্ষে ২৯৫ মিটাৰ দৈৰ্ঘ্যৰ বৰাক নদীৰ ওপৰত শিলচৰ ফুলেৰতল পথৰ বদ্রীঘাটত পকী দলং, ৮৭ কোটি টকা ব্যয় সাপেক্ষে ৩৩০ মিটাৰ দৈৰ্ঘ্যৰ বৰাক নদীৰ ওপৰত ইটখোলা ঘাটৰ সমীপত পকী দলং, ১৪ কোটি টকা ব্যয় সাপেক্ষে ১৫০ মিটাৰ সোণাই নৈ- ডুংগ্ৰীপাৰ পথত পকী দলং, ১১ লাখ টকা ব্যয় সাপেক্ষে শিলচৰ জিলা আয়ুক্ত কাৰ্যালয়ত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু ১১ লাখ টকা ব্যয় সাপেক্ষে হাইলাকান্দিত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি শুভ উদ্বোধন কৰে।

এই উপলক্ষে শিলচৰ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাছাৰ জিলাৰ পথ যোগাযোগ ব্যৱস্থা অধিক সুচল কৰাৰ লগতে সকলো দিশতে অঞ্চলটোৰ উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে শিলঘাটত আৰু এখন পকী দলং নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। আজি শুভ উদ্বোধন কৰা ৩ খন পকী দলঙে অকল পথ যোগাযোগে নহয়। জিলাখনৰ আৰ্থ-সামাজিক জীৱনধাৰাত ইতিবাচক প্ৰভাৱ পেলাব বুলিও তেওঁ কয়। জল জীৱন মিছনৰ অধীনত আজি শুভাৰম্ভণি কৰা ৭৫ খন আঁচনিৰ জৰিয়তে জনসাধাৰণে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ৫০ লাখ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ৰাজ্য চৰকাৰে ক্ষিপ্ৰ গতিত কাম অব্যাহত ৰাখিছে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তবায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে জল জীৱন মিছন আঁচনিখন সফল ৰূপায়ণ কৰাৰ বাবে দ্রুত ব্যৱস্থা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে জল জীৱন মিছনৰ অধীনত বঁটা লাভ কৰা সকলক ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰিব যাতে, এই সদস্য সকলে নিজাববীয়াকৈ ব্যৱসায়-বাণিজ্য আৰম্ভ কৰিব পাৰে অথবা নিজে উদ্যোগ স্থাপন কৰিব পাৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড প্ৰদানৰ বিষয়টো উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিমান দিন শাসন ক্ষমতাত থাকিব, সিমান দিনে বৰাক উপত্যকাত বিকাশৰ গংগা প্ৰৱাহিত হৈ থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে কাছাৰ জিলাক সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অহা ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত কৰ্কট চিকিৎসালয়খন ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ’ব।

আজিৰ এই অনুষ্ঠানত পৰিবহণ, মীন ইত্যাদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জনস্বাস্থ্য কাৰিকৰী, পর্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ কৃপানাথ মাল্লা, বিধায়কসকল ক্ৰমে মিহিৰকান্তি সোম, কৌশিক ৰয়, বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পিছত আজি মুখ্যমন্ত্রীয়ে হাইলাকান্দি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ভাষণ প্ৰদান কৰি কয়

যে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে অসমৰ বিকাশৰ নতুন ভেটি গঢ়িছিল। ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীয়ে বিভিন্ন দিশত ভাৰতৰ বিকাশ আৰু বিশ্ব পৰ্যায়ত দেশখনক তুলি ধৰাৰ দিশত লোৱা ভূমিকাৰ বিষয়েও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে হাইলাকান্দি জিলাৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে হাইলাকান্দিৰ পানীৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ৬০ কোটি টকাৰ এক প্ৰকল্প গ্ৰহণ কৰিব। লালাত এনেধৰণৰ আন এক প্রকল্প লোৱা হ’ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে হাইলাকান্দি জিলাৰ বাট-পথৰ উন্নয়নৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ’ব বুলিও লগতে ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে হাইলাকান্দিৰ জিলা পুথিভঁৰাল আৰু হাইলাকান্দি ষ্টেডিয়ামৰ উন্নয়নৰ বাবে ১০ কোটি টকাকৈ সৰ্বমুঠ ২০ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। বৰ্তমানৰ ৰাজ্য চৰকাৰে শান্তি বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে দৃঢ় স্থিতি গ্ৰহণ কৰিছে।

আজি এই অনুষ্ঠানত পৰিবহণ, মীন ইত্যাদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জনস্বাস্থ্য কাৰিকৰী, পর্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ কৃপানাথ মাল্লা, বিধায়কসকল ক্ৰমে মিহিৰকান্তি সোম, কৌশিক ৰয়, বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, দীপায়ন চক্রবর্তী প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে...

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৭ জনকৈ লোক

জম্মু-কাশ্মীৰৰ গান্দাৰবাল জিলাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত চিকিৎসকসহ...

দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ১৯ আৰু...

ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন...