‘অসমত অনা-অসমীয়াৰ দপদপনি নচলিব’, অনা অসমীয়া ব্যৱসায়ী মুকলি ভাবুকি ছাত্ৰ সংগঠনৰ

মানসিকভাবে বাধাগ্ৰস্ত এইজন অসমীয়া যুৱকক খুঁটাত বান্ধি অত্যাচাৰ চলাইছিল জখলাবন্ধাৰ একাংশ ব্যৱসায়ীয়ে। চুৰিৰ অভিযোগ তুলিছিল যুৱকজনৰ বিৰুদ্ধে। কিন্তু যুৱকজনৰ তালাচীত একো নোলাল। মৰেল পুলিচধাৰী একাংশ উন্মত্ত ব্যৱসায়ীয়ে উপৰ্যুপুৰি প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰি পেলায় যুৱকজনক। পিছত স্থানীয় একাংশ লোক আৰু আৰক্ষীৰ হস্তক্ষেপতহে উদ্ধাৰ হয় মানসিক বাধাগ্ৰস্ত যুৱকজন।

শুকুৰবাৰে সন্ধিয়া এই আক্ৰমণৰ নেতৃত্ব লৈছিল এইজন ব্যৱসায়ীয়ে। আৰু ঠিক ২৪ ঘন্টা পিছত একেজন ব্যৱসায়ীৰ এই দশা। ক্ষমা নুখুজিলে ৭ দিন দোকান বন্ধ কৰি দিয়াৰ ভাবুকি। ছাত্ৰ সংগঠনটোৰ দাবীত হাতজোৰ কৰি ক্ষমা প্ৰাৰ্থনা অভিযুক্ত ব্যৱসায়ীৰ। মোৰ ভুল হৈছে, আৰু এনে কাম নকৰোঁ।

পুনৰ আৰক্ষীৰ হস্তক্ষেপ। জখলাবন্ধা থানাতো এজাহাৰ দিয়াৰ কথা ক’লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰক্ষীৰ বুজনি আৰু অভিযুক্ত ব্যৱসায়ীৰ ক্ষমা প্ৰাৰ্থনাত অৱশেষত ক্ষান্ত হ’ল ছাত্ৰ সংগঠনৰ দলটো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ উভয় আই পি এল মেচৰ অফলাইন টিকট কাউণ্টাৰ মুকলি

আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ গুৱাহাটীৰ এ চি...

বিশ্বৰ সুখী দেশসমূহৰ অন্যতম ভূটান কিয় ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞাৰ তালিকাত?

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এখন নতুন বিস্তৃত ভ্ৰমণ নিষেধাজ্ঞাৰ পৰিকল্পনা...

‘বাহিৰৰ বিৰিয়ানী নিষিদ্ধ’ নিয়মে ক্ষুব্ধ কৰাত ৰাতিৰ ভিতৰতে হোটেল সলনি কৰিছিল এম এছ ধোনীয়ে

মহেন্দ্ৰ সিং ধোনী, যিয়ে বিশ্বৰ শান্ত ক্ৰিকেটাৰৰূপে খ্যাতি অৰ্জন...

মহাকাশৰ পৰা অহাৰ পিছত কি হ’ব সুনীতা উইলিয়ামছৰ?

কেইটামান ঘণ্টাৰ পিছতেই অপেক্ষাৰ অৱসান ঘটিব। পৃথিৱীলৈ উভতি আহিব...