‘অসমত অনা-অসমীয়াৰ দপদপনি নচলিব’, অনা অসমীয়া ব্যৱসায়ী মুকলি ভাবুকি ছাত্ৰ সংগঠনৰ

মানসিকভাবে বাধাগ্ৰস্ত এইজন অসমীয়া যুৱকক খুঁটাত বান্ধি অত্যাচাৰ চলাইছিল জখলাবন্ধাৰ একাংশ ব্যৱসায়ীয়ে। চুৰিৰ অভিযোগ তুলিছিল যুৱকজনৰ বিৰুদ্ধে। কিন্তু যুৱকজনৰ তালাচীত একো নোলাল। মৰেল পুলিচধাৰী একাংশ উন্মত্ত ব্যৱসায়ীয়ে উপৰ্যুপুৰি প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰি পেলায় যুৱকজনক। পিছত স্থানীয় একাংশ লোক আৰু আৰক্ষীৰ হস্তক্ষেপতহে উদ্ধাৰ হয় মানসিক বাধাগ্ৰস্ত যুৱকজন।

শুকুৰবাৰে সন্ধিয়া এই আক্ৰমণৰ নেতৃত্ব লৈছিল এইজন ব্যৱসায়ীয়ে। আৰু ঠিক ২৪ ঘন্টা পিছত একেজন ব্যৱসায়ীৰ এই দশা। ক্ষমা নুখুজিলে ৭ দিন দোকান বন্ধ কৰি দিয়াৰ ভাবুকি। ছাত্ৰ সংগঠনটোৰ দাবীত হাতজোৰ কৰি ক্ষমা প্ৰাৰ্থনা অভিযুক্ত ব্যৱসায়ীৰ। মোৰ ভুল হৈছে, আৰু এনে কাম নকৰোঁ।

পুনৰ আৰক্ষীৰ হস্তক্ষেপ। জখলাবন্ধা থানাতো এজাহাৰ দিয়াৰ কথা ক’লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰক্ষীৰ বুজনি আৰু অভিযুক্ত ব্যৱসায়ীৰ ক্ষমা প্ৰাৰ্থনাত অৱশেষত ক্ষান্ত হ’ল ছাত্ৰ সংগঠনৰ দলটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...