টাইৱান চীনৰ অবিচ্ছেদ্য অংগ, কঠোৰ সকীয়নি চীনৰ

টাইৱানক সকীয়নি চীনৰ। কোনো পৰিস্থিতিতে কোনো শক্তিয়ে টাইৱান দখলৰ পৰা চীনক বাধা দিব নোৱাৰিব। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে দেশবাসীৰ উদ্দেশ্যে ভাষণ দি এইদৰে সকীয়াই দিয়ে। ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি জিনপিঙে কয় যে, টাইৱান প্ৰণালীৰ দুয়ো প্ৰান্তৰ মানুহ একেটা পৰিয়ালৰে অংশ। এই বান্ধোন কোনেও ভংগ কৰিব নোৱাৰে আৰু ইয়াক পুনৰ একত্ৰিতকৰণৰ পৰা চীনক কোনেও বাধা দিবলৈ সক্ষম নহ’ব। ৰাষ্ট্ৰপতি জিন পিঙৰ এই দখলদাৰী মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। যোৱা বছৰৰ পৰাই টাইৱানক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে চীনে। টাইৱানক দীৰ্ঘদিনে শত্ৰু বুলি গণ্য কৰি অহা চীনে দেশখনক শংকিত কৰি তুলিবলৈ সামৰিক অনুশীলনো আৰম্ভ কৰিছে। চীন প্ৰশাসনৰ স্পষ্ট দাবী, টাইৱান চীনৰ অবিচ্ছেদ্য অংগ। দেশখনৰ এই অংশটোক পুনৰ একত্ৰিত কৰিব বিচাৰিছে চীনে। আনহাতে ৰাষ্ট্ৰপতি জিনপিঙৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইৱানৰ গণতান্ত্ৰিক চৰকাৰে স্পষ্ট কৰি দিয়ে যে টাইৱানৰ ভৱিষ্যত দেশবাসীৰ হাতত। চীনৰ অংগ ৰাজ্য হোৱাৰ পৰিৱৰ্তে স্বাধীনভাৱেই জীয়াই থাকিব খোজে টাইৱানবাসীয়ে। উল্লেখ্য যে, যোৱা বছৰ টাইৱানৰ নিৰ্বাচনৰ পিছৰে পৰা তিনিবাৰকৈ সামৰিক অভিযান চলাই দেশখনক নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাই আহিছে চীনে। চীনৰ এই স্থিতিক লৈ আন্তঃৰাষ্ট্ৰীয় মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...