এইবাৰ বলকানলৈ ড্ৰেগনৰ হাতোৰা


অচিন্ত্য শৰ্মা:


পৃথিৱীৰ সকলোতে নিজৰ স্বৰ্থত অশান্তিৰ সৃষ্টি কৰি ফুৰা সম্প্ৰসাৰণবাদী ৰাষ্ট্ৰ,আগ্ৰাসী ৰঙাচীনে এইবাৰ জুই জ্বলাব ওলাইছে ইউৰোপৰ বলকান অঞ্চলত। এইবাৰৰ এই ষড়যন্ত্ৰত বেইজিং মহলৰ শিখন্ডী হৈছে ক্ষুদ্ৰ ৰাষ্ট্ৰ চাৰ্বিয়া। লক্ষ্যনীয়ভাবে বিশ্বৰ যিবোৰ অঞ্চল অত্যান্ত সমস্যাবহুল হিচাপে পৰিচিত ,তাৰ বিতৰত অন্যতম হৈছে এই বলকান অঞ্চল। দৰাচলতে বলকান অঞ্চল ইমানেই সমস্যাবহুল যে, ইয়াক ইউৰোপৰ ৰিউমেটিক পেইন বুলি কোৱা হয়। ইয়াৰ পূৰ্বে বিভিন্ন সময়ত বহু ৰক্তাক্ত সংঘৰ্ষৰ সাক্ষী হৈ ৰৈছে উক্ত অঞ্চল । কেতিয়াবা ৰাজনৈতিক ,কেতিয়াবা সামাজিক ,কেতিয়াবা অৰ্থনৈতিক কাৰকে সৃষ্টি কৰিছে যুদ্ধৰ ।লাখ লাখ মানুহৰ মৃত্যু হৈছে, ধ্বংস হৈছে গাঁৱ-চহৰ জনগাঁনিগত জটিলতাই অধিক জটিল কৰি তুলিছে বলকান অঞ্চলৰ সমস্যা। এতিয়া সেই অধিক জটিলতা সমস্যাকে অধিকতৰ কৰি তুলিবলৈ ড্ৰেগন দসুৱে আগবঢ়াই দিছে নিজৰ হাতোৰা। হঠাৎ বলকানিক ৰাষ্ট্ৰ চাৰ্বিয়ালৈ চীনে আৰম্ভ কৰিছে ব্যাপক মাত্ৰাত অস্ত্ৰৰ যোগান ।চাৰ্বিয়াই অলপতে তেনে অস্ত্ৰ-শস্ত্ৰৰ এক ৰাজহুৱা প্ৰদৰ্শনীৰো আয়োজন কৰিছে ।য’ত প্ৰদৰ্শন কৰা হৈছে অন্য বিভিন্ন অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ লগতে শেহতীয়া বায়ু প্ৰতিৰোধী ব্যৱস্থাৱলীও।

তাৎপৰ্যপূৰ্ণভাবে এই HQ22 বায়ু প্ৰতিৰোধী ব্যৱস্থাসমূহ অলপতে চীনা বিমান বাহিনীৰ এক ডজন Y20 পৰিবহন বিমানে ছাৰ্বিয়ালৈ কঢ়িয়াই নিছিল । চীনৰ সামৰিক ইতিহাসত এয়াই বৃহত্তম অস্ত্ৰ পৰিবহনৰ ঘটনা ।বলকান অঞ্চলত চীনৰ এনে তৎপৰতাই চিন্তিত কৰি তুলিছে ইউৰোপ আৰু আমেৰিকাক।চিন্তেত কৰিছে ছাৰ্বিয়াৰ গতি-বিধিয়েও।কাৰণ ছাৰ্বিয়া এনে এখন দেশ, যিখন দেশৰ চুবুৰীয়া প্ৰায় প্ৰতিখন দেশৰ লগতেই আছে সংঘাতপূৰ্ণ সম্পৰ্ক।

এফাতে দেশখনে ইউৰোপীয় ইউনিয়নৰ সদস্যপদ বিছাৰিছে ,আনফালে ৰাজনৈতিক সামৰিকভাবে চীনৰ ওচৰ চাপি গৈছে । এনে প্ৰেক্ষাপটতে অঞ্চলটোত যে চীনৰ গতিবিধি সুবিধাজনক নহয় সেয়াও স্পষ্ট হৈ উঠিছে।ইতিমধ্যে নিজৰ আগ্ৰাসী স্বভাব আৰু ষড়যন্ত্ৰমূলক কাৰ্যকলাপৰ বাবে বিশ্বৰ অন্য বিভিন্ন দেশৰ পৰা খেদা খাইছে চীনে। এখনৰ পিছত আন এখন দেশৰ লগত চীনৰ সম্পৰ্ক হৈ উঠিছে তিক্ততাপূৰ্ণ । সেয়ে চীনকো এতিয়া লাগে নতুন ভেটি আৰু ভিত্তি। হয়তো সেই নতুন ভিত্তি আৰু ভেটিৰ সন্ধানতেই চলিছে বেইজিংৰ বলকান অভিযান। ইউক্ৰেইন যুদ্ধকলৈ ইতিমধ্যে চকুৰে সৰিয়হ ফুল দেখিছে ইউৰোপ আমেৰিকাই এই যুদ্ধৰ ফলাফল এতিয়াও অনিশ্চিত ।অনিশ্চিত ইউক্ৰেইনত ইউৰোপ আমেৰিকাৰ স্বাৰ্থৰ ভৱিষ্যত।এনে অৱস্থাত এতিয়া বলকান অঞ্চলত নতুন এক সংঘাত কোনেও বিচৰা নাই।বিচাৰক বা নিবিচাৰক, চীনক এতিয়াই প্ৰতিৰোধ নকৰিলে যে সেই দেশখনে বলকান অঞ্চলত আকৌ এবাৰ জুই জ্বলাব সেয়াও নিশ্চিত । অন্তত:তেনেকৈয়ে ভাবে পৰ্যবেক্ষক মহলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...