দ্ৰুতগতিত হ্ৰাস চীনৰ জনসংখ্যা

কেইটামান বছৰৰ পূৰ্বে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ আছিল চীন। কিন্তু যোৱা প্ৰায় ৩টা দশকত চীনত প্ৰৱৰ্ত্তন কৰা কঠোৰ জনসংখ্যা আইনে দেশখনত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰাই নহয়, জনসংখ্যা হ্ৰাস কৰি আনিছে। ২০২৩ত চীনত পিছ পেলাই আটাইতকৈ জনবহুল দেশত পৰিণত হৈছে ভাৰত। ২০২২ৰ পৰা হ্ৰাস পাবলৈ লৈছে চীনৰ জনসংখ্যা। ২১০০ চনত চীনৰ জনসংখ্যা বৰ্তমানৰ আধা হোৱাৰ শংকা। বৰ্তমানৰ হাৰত চীনৰ জনসংখ্যা হ্ৰাস পালে বিভিন্ন দিশত সমস্যাৰ সন্মুখীন হ’ব চীন। মানৱসম্পদ হ্ৰাসে বিপদত পেলাব পাৰে চীনক। আঘাত পৰিব চীনৰ অৰ্থনীতিত। চীনৰ জনসংখ্যা হ্ৰাসৰ মূল কাৰণ বেইজিঙৰ কঠোৰ নীতি বুলি বিবেচিত হোৱাৰ পিছত চৰকাৰে পূৰ্বৰ কঠোৰ আইন প্ৰত্যাহাৰ কৰিছে।

বিবাহ আইনত আনিছে শিথিলতা। বিবাহৰ বাবে দিয়া হৈছে অনুদান। পূৰ্ব নিয়ম আছিল নিজা চহৰ বা গাওঁতহে যুৱত–যুৱতীয়ে বিবাহ কাৰ্য সম্পন্ন কৰিব লাগিছিল। নতুন আইনত এই ব্যৱস্থা বিলুপ্ত কৰা হৈছে। এতিয়া যিকোনো স্থানতে পাত্ৰ–পাত্ৰীয়ে বিবাহত বহিব পাৰিব। ইয়াৰ উপৰি দীঘলীয়া ছুটি দিয়াৰো ব্যৱস্থা কৰা হৈছে। চীনত সজোৰেৰে অভিযোগ উঠি আহিছিল। পূৰ্বৰ কঠোৰ আইনে বিবাহৰ প্ৰতি উদাসীন কৰি তুলিছে নৱ প্ৰজন্মক। যোৱা ৩ টা বছৰত উদ্বেগজনক ভাবে হ্ৰাস পাইছে জনসংখ্যা। জন্মৰ সংখ্যা ৯.৫৪ নিযুতৰ বিপৰীতে মৃত্যু ১০.৯৩ নিযুতৰ। বৰ্তমান চীনৰ জনসংখ্যা ১৪১৬৯৫৮৯০০। ২০২৩ৰ তুলনাত কেইবা নিযুত হ্ৰাস পাইছে জনসংখ্যা। সেয়ে চৰকাৰে চেষ্টা চলাইছে ২১০০ চনলৈ যাতে অধিক হাৰত হ্ৰাস নহয় জনসখ্যা। নহ’লে অভাৱনীয় সমস্যাৰ সৃষ্টি হ’ব চীনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...