এজোপা গছ কটাৰ বাবে ১ লাখকৈ টকা জৰিমনা

বন ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়। এজোপা গছ কটাৰ বাবে ১ লাখকৈ টকা জৰিমনা। ৪৫৪ জোপা গছ কটা এজনক গছে প্ৰতি ১লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে। গছ কটাটো মানুহ হত্যা কৰাতকৈও গুৰুতৰ অপৰাধ বুলি গণ্য কৰে ন্যায়ালয়ে। তাজমহলৰ সমীপৰ সংৰক্ষিত এলেকাৰ ৪৫৪ জোপা গছ কাটিছিল শিৱশংকৰ আগৰৱাল নামৰ এজন লোকে। এই বনধ্বংস সন্দৰ্ভত ন্যায়ালয়ে কেন্দ্ৰীয় ক্ষমতাসম্পন্ন কমিটীৰ পৰা প্ৰতিবেদন লৈছিল। ৰায়টোত ন্যায়ালয়ে কৈছে এই ৪৫৪ জোপা গছ কটাৰ পৰিণতিত পৰিৱেশৰ যি ক্ষতি হল সেয়া পুনৰুদ্ধাৰৰ বাবে কমেও ১০০ বছৰ প্ৰয়োজন হব। সেই গছবোৰ কাটিবলৈ কাৰো অনুমতিৰ কথাও অভিযুক্তই নাভাবিলে বুলি ন্যায়ালয়ে কয়। আগৰৱালাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানী লৈ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অভয় এছ ওকাৰ বিচাৰপীঠে এই নিৰ্দশ জাৰি কৰিছে। গছ থাকিলেহে মানুহ থাকিব, সেই কথা অতি গুৰুত্বসহকাৰে লৈ এই ন্যায়ালয়ে দিয়া এই নিৰ্দেশ বনধ্বংসকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...