দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ য়াগং দ্বীপত নতুন নিৰ্মাণ কাৰ্য ধৰা পৰিছে উপগ্ৰহ ছবিত। বিশ্লেষকসকলৰ মতে, এই নিৰ্মাণ চীনৰ সম্ভাব্য সামৰিক ঘাটি সম্প্ৰসাৰণৰ অংশ হ’ব পাৰে।

বাণিজ্যিক উপগ্ৰহ ছবি প্ৰদানকাৰী Vantor-এ ১৭ আগষ্টৰ ছবি প্ৰকাশ কৰি জনায় যে য়াগং দ্বীপত মাৰ্চ-এপ্ৰিলৰ পৰা নিৰ্মাণ চলি আছে। তিনিটা দিশলৈ বিস্তৃত নতুন গাঁথনিসমূহ সম্ভাৱ্য আগতীয়া সতৰ্কীকৰণ ৰাডাৰ বা পৰ্যবেক্ষণ কেন্দ্ৰ হ’ব পাৰে বুলি নিৰাপত্তা বিশ্লেষকসকলে অনুমান কৰিছে।

ইতিমধ্যে এণ্টিলোপ ৰীফত চীনে নিৰ্মাণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰা বুলি খবৰ প্ৰকাশ পাইছে। প্ৰায় ৬ কিলোমিটাৰ দীঘল কৃত্ৰিম দ্বীপটোৰ ৩ কিলোমিটাৰতকৈ দীঘল উপকূলীয় অংশক সম্ভাব্য ৰাণৱে হিচাপে দেখা হৈছে।

চীনে সামৰিক ঘাটি নিৰ্মাণৰ কথা স্বীকাৰ কৰা নাই। দেশখনৰ চৰকাৰী সংবাদমাধ্যমে এণ্টিলোপ ৰীফৰ নিৰ্মাণক বতৰ পৰ্যবেক্ষণ, মৎস্য সুৰক্ষা আৰু বৈজ্ঞানিক গৱেষণাৰ দৰে অসামৰিক কামৰ বাবে বুলি দাবী কৰিছে।

পাৰাচেল দ্বীপপুঞ্জক লৈ চীন আৰু ভিয়েটনামৰ মাজত দীৰ্ঘদিনীয়া বিবাদ আছে। নতুন নিৰ্মাণে দক্ষিণ চীন সাগৰত চীনৰ সামৰিক উপস্থিতি আৰু অধিক শক্তিশালী কৰিব পাৰে বুলি আঞ্চলিক নিৰাপত্তা বিশেষজ্ঞসকলে আশংকা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ মাহজোৰা আয়োজনৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে...

লাডাখৰ বাবে নতুন সাংবিধানিক ব্যৱস্থা! কি আছে প্ৰস্তাৱিত Article 371(K)ত?

লাডাখৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি-সংস্কৃতিৰ সুৰক্ষাক লৈ কেন্দ্ৰই আগবঢ়াইছে...

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...