দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ য়াগং দ্বীপত নতুন নিৰ্মাণ কাৰ্য ধৰা পৰিছে উপগ্ৰহ ছবিত। বিশ্লেষকসকলৰ মতে, এই নিৰ্মাণ চীনৰ সম্ভাব্য সামৰিক ঘাটি সম্প্ৰসাৰণৰ অংশ হ’ব পাৰে।

বাণিজ্যিক উপগ্ৰহ ছবি প্ৰদানকাৰী Vantor-এ ১৭ আগষ্টৰ ছবি প্ৰকাশ কৰি জনায় যে য়াগং দ্বীপত মাৰ্চ-এপ্ৰিলৰ পৰা নিৰ্মাণ চলি আছে। তিনিটা দিশলৈ বিস্তৃত নতুন গাঁথনিসমূহ সম্ভাৱ্য আগতীয়া সতৰ্কীকৰণ ৰাডাৰ বা পৰ্যবেক্ষণ কেন্দ্ৰ হ’ব পাৰে বুলি নিৰাপত্তা বিশ্লেষকসকলে অনুমান কৰিছে।

ইতিমধ্যে এণ্টিলোপ ৰীফত চীনে নিৰ্মাণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰা বুলি খবৰ প্ৰকাশ পাইছে। প্ৰায় ৬ কিলোমিটাৰ দীঘল কৃত্ৰিম দ্বীপটোৰ ৩ কিলোমিটাৰতকৈ দীঘল উপকূলীয় অংশক সম্ভাব্য ৰাণৱে হিচাপে দেখা হৈছে।

চীনে সামৰিক ঘাটি নিৰ্মাণৰ কথা স্বীকাৰ কৰা নাই। দেশখনৰ চৰকাৰী সংবাদমাধ্যমে এণ্টিলোপ ৰীফৰ নিৰ্মাণক বতৰ পৰ্যবেক্ষণ, মৎস্য সুৰক্ষা আৰু বৈজ্ঞানিক গৱেষণাৰ দৰে অসামৰিক কামৰ বাবে বুলি দাবী কৰিছে।

পাৰাচেল দ্বীপপুঞ্জক লৈ চীন আৰু ভিয়েটনামৰ মাজত দীৰ্ঘদিনীয়া বিবাদ আছে। নতুন নিৰ্মাণে দক্ষিণ চীন সাগৰত চীনৰ সামৰিক উপস্থিতি আৰু অধিক শক্তিশালী কৰিব পাৰে বুলি আঞ্চলিক নিৰাপত্তা বিশেষজ্ঞসকলে আশংকা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক...

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...