পুনৰ অৰুণাচল প্ৰদেশক লৈ নতুন বিতৰ্কৰ সূচনা চীনৰ

অৰুণাচল প্ৰদেশক লৈ পুনৰ নতুন বিতৰ্কৰ সূচনা কৰিলে চীন দেশে। এইবাৰ চীনে প্ৰস্তুত কৰা দেশখনৰ মানচিত্ৰত সুমুৱাই ল’লে দক্ষিণ তিব্বত বুলি অভিহিত কৰা অৰুণাচল প্ৰদেশক। অৰুণাচলৰ লগতে লাডাখ হিমালয়ৰ আকছাই চিনো অন্তৰ্ভুক্ত কৰি ল’লে চীনৰ সদ্যপ্ৰকাশিত ষ্টেণ্ডাৰ্ড মেপতো। চীনৰ এই কাৰ্যক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতে। এক প্ৰতিবেদন।

পুনৰ অৰুণাচল প্ৰদেশক লৈ নতুন বিতৰ্কৰ সূচনা চীনৰ
চীনে প্ৰকাশ কৰা ২০২৩ৰ চীনৰ ‘ষ্টেণ্ডাৰ্ড মেপ’ত অন্তৰ্ভূক্ত কৰিলে অৰুণাচলক
লাডাখ বিতৰ্কৰ মাজত এই চৰকাৰী মানচিত্ৰত অন্তৰ্ভূক্ত কৰিলে আকছাই চিনক
১৯৬২ৰ পৰাই লাডাখত ভাৰতৰ ২৮,০০০বৰ্গ কিঃমিঃৰ আকছাই চিন দখল কৰি আহিছে চীনে

দিল্লীত অনুষ্ঠিত হ’বলগীয়া G-20 শীৰ্ষ সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং। কিন্তু জিনপিঙৰ ভাৰত আগমনৰ পূৰ্বেই চীনে প্ৰকাশ কৰিছে এখন বিতৰ্কিত মানচিত্ৰ। এই মানচিত্ৰই পুনৰ অধিক তিক্ত কৰি তুলিলে ২ প্ৰতিবেশী ভাৰত আৰু চীনৰ সম্পৰ্ক। ইতিমধ্যেই মেকমোহন লাইনে বিভক্ত কৰা ভাৰত–চীন সীমান্তৰ বিভিন্ন প্ৰান্তক লৈ উভয় দেশৰ মাজত অব্যাহত আছে যুযুধান পৰিস্থিতি। এই পৰিস্থিতিৰ মাজতে চীনে প্ৰকাশ কৰিছে এক ষ্টেণ্ডাৰ্ড মেপ, য’ত অৰুণাচলক দেখুৱা হৈছে চীনৰ অংশৰূপে। পূৰ্বেও অৰুণাচল আৰু আকছাই চিনক নিজৰ বুলি দাবী কৰি আহিছিল চীনে।

দক্ষিণ আফ্ৰিকাৰ ব্ৰিকছ সন্মিলনৰ মাজত হৈছিল মোদী–জিনপিঙৰ সাক্ষাৎ
লাডাখ সমস্যা সমাধান কৰিবলৈ দুই ৰাষ্ট্ৰপ্ৰধান হৈছিল একমত
কিন্তু তাৰ মাজতে অৰুণাচলক নিজৰ অংশ হিচাপে দেখুৱাই চীনে পুনৰ তিক্ত কৰি তুলিলে পৰিস্থিতি
ভাৰতে তীব্ৰ প্ৰতিবাদ জনাইছে চীনৰ এই দুষ্কাৰ্যক

অৰুণাচলক চীনে দক্ষিণ তিব্বত বুলি অভিহিত কৰি আহিছে। অৰুণাচলৰ ৰাজধানীসহ ১১ স্থানৰ নাম পূৰ্বতে সলনি কৰি দিছিল চীনে। ইয়াকে লৈ ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক অহিনকুল হৈ ৰৈছিল।

বৰ্তমান স্বাধীন ৰাষ্ট্ৰ টাইৱানকো চীনৰ অন্তৰ্ভূক্ত বুলি দেখুৱা হৈছে মানচিত্ৰখনত
বিবাদমান এলেকা দক্ষিণ চীন সাগৰকো অন্তৰ্ভূক্ত কৰা হৈছে

চীনৰ শেহতীয়া কাৰ্যৰ ভাৰতে তীব্ৰ কূটনৈতিক প্ৰতিবাদ ইতিমধ্যে জনাইছে। অৰুণাচল প্ৰদেশ আৰু আকছাই চিন ভাৰতৰ অংগাগী অংগ বুলি ভাৰতে মত প্ৰকাশ কৰিছে। G-20 শীৰ্ষ সন্মিলন কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত জিনপিঙক চীনে নতুনকৈ প্ৰস্তুত কৰা ষ্টেণ্ডাৰ্ড মেপক লৈ আপত্তি দৰ্শাব বুলি জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...