জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডিব্ৰুগড়ত শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ যুৱ শিক্ষাৰ্থীসকলৰ উদ্ভাৱনীমূলক মনোভাৱ আৰু বৈজ্ঞানিক কৌতূহলৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে জিলা পৰ্যায়ৰ শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ত অনুষ্ঠিত এই প্ৰদৰ্শনীত শতাধিক শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষাবিদৰ উৎসাহী অংশগ্ৰহণ পৰিলক্ষিত হয়।

প্ৰদৰ্শনীখনত ডিব্ৰুগড় জিলাৰ ছটা শৈক্ষিক শিক্ষা খণ্ডৰ পৰা নৱীকৰণযোগ্য শক্তি, আৱৰ্জনা ব্যৱস্থাপনা, পানী সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্যৰ দৰে বিভিন্ন শ্ৰেণীত ২১ টা প্ৰকল্প প্ৰদৰ্শিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে। ডিব্ৰু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ মানস জ্যোতি কোঁৱৰ আৰু শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, তিনিচুকীয়াৰ সহকাৰী অধ্যাপক ডিব্ৰু বিকাশ দিহিঙীয়া বিচাৰক হিচাপে উপস্থিত থাকে।

প্ৰদৰ্শনীখনত প্ৰাথমিক শাখাত শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় ৰংচঙী মধ্য ইংৰাজী বিদ্যালয়| অংশগ্ৰহণকাৰী শিশু বৈজ্ঞানিকসকল ক্ৰমে সাগৰিকা গগৈ, হিৰণ্য গগৈ, ৰুবী দাস পানিকা আৰু সৰস্বতী চাৰ্কী| অন্যহাতে উচ্চ মাধ্যমিক শাখাত শ্ৰেষ্ঠ বিবেচিত হয় মৰিছা গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়।

বিদ্যালয়খনৰ ছাত্ৰী কস্তুৰী দাস আৰু পৰিনীতা দাসৰ দ্বাৰা নিৰ্মিত মডেলে শ্ৰেষ্ঠত্ব অৰ্জন কৰে| উল্লেখ্য যে শ্ৰেষ্ঠ বিবেচিত দল দুটিয়ে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ শিশু বৈজ্ঞানিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে|

ডায়েট, ডিব্ৰুগড়ৰ প্ৰবক্তা তথা প্ৰদৰ্শনীখনৰ সহকাৰী জিলা সমন্বয়ক ৰঞ্জন বৰাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাস, তৃষ্ণা হাজৰিকা, প্ৰবক্তা দিপামণি ফুকন, স্বপ্নালী বৰুৱা, সংগীতা দত্ত, স্বৰাজ ফুকন, অনিমা গোস্বামী, বিবিমনি গগৈ, সৰল কুমাৰ দাস, পানীতোলা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বনমালি পেগু আৰু সৰ্বশিক্ষা অভিযান অসমৰ ডিপিঅ’ টিটি মনিমা ভট্টাচাৰ্য উপস্থিত থাকে| বঁটা বিতৰণী অনুষ্ঠানৰ শেষত শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ জিলা সমন্বয়ক তথা প্ৰবক্তা পল্লৱী কলিতাই শলাগৰ শৰাই আগবঢ়ায়|

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...