আজি অযোধ্যালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলে আজি অযোধ্যা ভ্ৰমণ কৰিব। বাৰণসীত অনুষ্ঠিত কাশী বিশ্বনাথ কৰিড’ৰ মুকলি আৰু অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত বিজেপিৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলে পুৱা ১১ বজাত অযোধ্যাত উপস্থিত হ’ব। দলটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন ১২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিহাৰ, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীও আছে। ইয়াৰ উপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে অযোধ্যাত উপস্থিত হ’ব।

উল্লেখ্য যে, ২০১৯ চনত ৰাম জনমভূমি-বাবৰি মছজিদ গোচৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায়ৰ পিছত প্ৰথমবাৰৰ বাবে অযোধ্যা ভ্ৰমণ কৰিব বিজেপিৰ সভাপতি জে পি নাড্ডাই। বিয়লি ২ বজাত নাড্ডা আৰু আন নেতাসকলে হনুমানগৰ্হি মন্দিৰ দৰ্শনৰ পিছত তেওঁলোকে ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কথাবোৰ আধৰুৱা হৈয়ে ৰ’ল! প্ৰেমিকৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত যুৱতী

কিমান যে সপোন! দীৰ্ঘদিনীয়া প্ৰেম আছিল দুয়োৰে। দেখিছিল এক...

শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব মোবাইল!

শিৱসাগৰ জিলাৰ শিক্ষা বিষয়াৰ নিৰ্দেশনা। শ্ৰেণীকোঠালৈ শিক্ষকক মোবাইল নিয়াত...

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত সংগঠনৰ ২ নেতা

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত সংগঠনৰ...

পত্নী-কন্যাক ঘৰৰ ভিতৰত সুমুৱাই জ্ব*লাই দিলে ঘৰ

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি ৰূপহীহাটৰ লাওঁখোৱাত। পত্নী-কন্যাক ঘৰৰ ভিতৰত...